ভাল খবৰ! আকৌ হ্ৰাস পাইছে সোণৰ মূল্য। চলিত বছৰৰ আৰম্ভণিৰ পৰা সোণৰ দাম হ্ৰাস পাই আছিল যদিও মাজতে দুদিন সোণৰ দাম কিছু বৃদ্ধি হোৱা দেখা গৈছিল। কিন্তু শনিবাৰৰ পৰা পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য।
শুকুৰবাৰে এমচিএক্সত সোণৰ মূল্য ৫৭ টকা বৃদ্ধিৰ হৈ প্ৰতি ১০ গ্ৰামত ইয়াৰ মূল্য হয়গৈ ৪৫,০০৮ টকা। আমেৰিকাৰ ট্ৰেজাৰি ইল্ডৰ বৃদ্ধি আৰু পুনৰ ডলাৰ শক্তিশালী হোৱা বাবে এই সপ্তাহত সোণে এক পৰিসৰত সংগ্ৰাম কৰা পৰিলক্ষিত হৈছিল। অৱশ্যে, সাপ্তাহিক দৃষ্টিৰে লক্ষ্য কৰিলে সোণৰ মূল্যত ২৫০ টকাৰ সামান্য বৃদ্ধি পৰিলক্ষিত হৈছিল। শুকুৰবাৰে ৰূপৰ মূল্য প্ৰতি কেজিত ২৯৪ টকা হ্ৰাস পাই ৬৭,৪৫৩ টকা হৈছিলগৈ। বিগত বছৰৰ আগষ্টত, প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫৬,২০০ টকা হৈছিলগৈ। কিন্তু তাৰ পিছৰ পৰাই এতিয়ালৈকে প্ৰায় ১১ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পাই সোণৰ মূল্য।
আগন্তুক সময়ত কেনেধৰণৰ হ’ব ইয়াৰ মূল্য ?টপ গ্লৱেল ৱেল্থ মেনেজাৰ ক্ৰেডিট চুইছৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত ট্ৰেজাৰি ইল্ডৰ বৃদ্ধি আৰু পুনৰ ডলাৰ শক্তিশালী হোৱা বাবে সোণৰ মূল্যত আগন্তুক সময়তো হ্ৰাস হ'ব পাৰে। তেওঁ কয় যে, অৰ্থনৈতিক বিকাশৰ আশা বৃদ্ধি হোৱাৰ লগে লগে সোণে ইয়াৰ উজ্জ্বলতা হেৰুৱাবলৈ লৈছে। শেহতীয়া সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰত ট্ৰেজাৰি ইল্ডৰ বৃদ্ধি আৰু পুনৰ ডলাৰ শক্তিশালী হোৱা বাবে সোণৰ মূল্যত ইয়াৰ প্ৰভাৱ পৰিছিল।
কিয় মূল্য বৃদ্ধি হোৱা নাই -ক্ৰেডিট চুইছৰ মতে, আমেৰিকান ডলাৰ অনাগত ভৱিষ্যতত মজবুত হৈ থকা আৰু আমেৰিকাৰ ট্ৰেজাৰি ইল্ডৰ বৃদ্ধি অব্যাহত হৈ থকাৰ বাবে সোণৰ দামত প্ৰভাৱ পৰিছে।
চলিত মাহৰ আৰম্ভণিতে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৪,১৫০ টকা হৈছিল।
শুকুৰবাৰে একেৰাহে পঞ্চম দিনলৈকে সোণৰ মূল্য বাঢ়ি থকা দেখা গৈছিল। দিল্লীত সোণৰ মূল্য ১৬৮ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৪৪,৫৮০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত আছিল ৪৪,৪১২ টকা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 21, 2021, 13:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।