সোণ-ৰূপৰ দামত ব্যাপক পৰিৱৰ্তন। শুকুৰবাৰে দিল্লীৰ বজাৰত সোণৰ দাম বৃদ্ধি পালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পোৱাৰ পিছতে ইয়াৰ প্ৰভাৱ ঘৰুৱা বজাৰতো দেখিবলৈ পোৱা গ’ল।
মাল্টী কমোডিটী এক্সচেঞ্জত Gold Future Rate ০.৮ শতাংশ বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৫০,৫৮৪ টকা হ’লগৈ। সেইদৰে ৰূপৰ দামতো ১.৮ শতাংশ বৃদ্ধি পাই প্ৰতি কেজিত ৬১,৬০৫ টকা হৈছেগৈ।
আগষ্ট মাহত উচ্চ স্তৰত আছিল দুয়োবিধ ধাতুৰ দামঃচলিত বৰ্ষৰ আগষ্ট মাহত দুয়োবিধ ধাতুৰ মূল্য উচ্চ স্তৰত আছিল। আগষ্টত প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৫০,২০০ টকা আৰু ৰূপৰ দাম প্ৰতি কেজিত ৮০,০০০ টকা হৈছিল। কিন্তু ছেপ্তেম্বৰ মাহত দুয়োবিধ ধাতুৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হ’ল। এনেদৰে প্ৰতি ১০ গ্ৰাম সোণৰ দামত প্ৰায় ৬ হাজাৰ টকালৈকে হ্ৰাস পালে।
দুৰ্বল ডলাৰে সোণক কৰিছে চাপোৰ্ট!আন্তঃৰাষ্ট্ৰীয় বজাৰত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বাৰা কোৰোণা মহামাৰীৰ ফলত হোৱা লোকচানৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে পেকেজ ঘোষণা কৰাৰ পিছতে সোণৰ দামত ইয়াৰ প্ৰভাৱ পৰে।
হ্ৰাস পাব পাৰে সোণৰ দামঃছেপ্তেম্বৰ মাহৰ পিছৰ পৰা প্ৰায় ৬ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পালে প্ৰতি ১০ গ্ৰাম সোণৰ দামত। কিন্তু শুকুৰবাৰৰ দিনটোত আকৌ বাঢ়িল সোণৰ দাম। কিন্তু বিশেষজ্ঞ সকলে কোৱা মতে, ডিচেম্বৰৰ পিছৰ পৰা আকৌ সোণৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|