• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gold Price Today: পুনৰ ব্যয়বহুল হৈ পৰিল সোণ! বিগত ৪ মাহৰ তুলনাত সৰ্বাধিক স্তৰত উপনীত হ'ল সোণৰ মূল্য

Gold Price Today: পুনৰ ব্যয়বহুল হৈ পৰিল সোণ! বিগত ৪ মাহৰ তুলনাত সৰ্বাধিক স্তৰত উপনীত হ'ল সোণৰ মূল্য

০.২৪ শতাংশ বৃদ্ধিৰ সৈতে বিগত চাৰি মাহৰ উচ্চ স্তৰত উপনীত হ'ল সোণৰ মূল্য।

০.২৪ শতাংশ বৃদ্ধিৰ সৈতে বিগত চাৰি মাহৰ উচ্চ স্তৰত উপনীত হ'ল সোণৰ মূল্য।

০.২৪ শতাংশ বৃদ্ধিৰ সৈতে বিগত চাৰি মাহৰ উচ্চ স্তৰত উপনীত হ'ল সোণৰ মূল্য।

  • Share this:
দেশত পুনৰ বৃদ্ধি পাবলৈ লৈছে সোণৰ মূল্য। ইতিবাচক গোলকীয় সংকেতৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় বজাৰত বৃদ্ধি পায় সোণ আৰু ৰূপৰ মূল্য। MCXত আজি সোণৰ মূল্য ০.২৪ শতাংশ বৃদ্ধি হোৱাৰ লগে লগে বিগত চাৰি মাহৰ তুলনাত উচ্চ স্তৰত উপনীত হয় সোণৰ মূল্য।

আজি MCXত ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৮,৫১৯ টকা। আনফালে ৰূপৰ মূল্যতো ০.৫ শতাংশ বৃ্দ্ধি পোৱাৰ ফলত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৭১,৪৪০ টকালৈ বৃদ্ধি পায়। পূৰ্বৱৰ্তী অধিৱেশনত সোণৰ মূল্য ০.২২ শতাংশ হ্ৰাস পোৱাৰ লগতে ৰূপ মূল্যও ১.৭ শতাংশ হ্ৰাস পাইছিল।

লক্ষ্যণীয় যে, আন্তৰ্জাতিক বজাৰত ক্ৰিপ্ট' কাৰেন্সী হ্ৰাস হোৱাৰ পিছতে সোণৰ মূল্যই বিগত ৪ মাহৰ অভিলেখ ভংগ কৰি সৰ্বাধিক স্তৰত উপনীত হয়। ইপিনে আন্তৰ্জাতিক বজাৰতো সোণৰ মূল্য বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আন্তৰ্জাতিক বজাৰত সোণ প্ৰতি আউন্সত ০.২ শতাংশ বৃদ্ধি হোৱাৰ ফলত ইয়াৰ মূল্য ১,৮৮৩.২১ ডলাৰ হোৱাৰ বিপৰীতে ৰূপৰ মূল্য ০.৪ শতাংশ বৃদ্ধি হৈ ইয়াৰ মূল্য হয়গৈ ২৭.৬৪ ডলাৰ। আনফালে প্লেটিনামত ০.৬ শতাংশ বৃদ্ধি হৈ হয়গৈ ১,১৭৩.০৩ ডলাৰ।

সস্তাতে সোণ ক্ৰয়ৰ সুযোগ -
সাৰ্বভৌম গ’ল্ড বণ্ডৰ দ্বিতীয়টো কিস্তিৰ প্ৰতি গ্ৰাম সোণৰ মূল্য ৪,৮৪২ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু ২৪ মে'ৰ পৰা ২৮ মে'ৰ ভিতৰত ইয়াক মুকলি কৰা হ'ব।

এইসময় হৈছে সোণত বিনিয়োগৰ উত্তম সময়-

সোণ হৈছে বিনিয়োগৰ বাবে এক সুৰক্ষিত সামগ্ৰী। যিকোনো সংকটৰ সময়ত বিনিয়োগকাৰীসকলে সোণত বিনিয়োগৰ ওপৰত অধিক মনোনিৱেশ কৰে। এই সময়ছোৱাতো বিনিয়োগকাৰীসকলে সুৰক্ষিত বিনিয়োগৰ বাবে সোণৰ দিশে আগবাঢ়িছে, যাৰ ফলত অনাগত মাহবোৰত ইয়াৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

আনহাতে কোৰোণা ভাইৰাছো সোণৰ মূল্য বৃদ্ধিৰ এক অন্যতম কাৰণ হ'ব পাৰে। এক শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে অনাগত মাহবোৰত কোৰোণাৰ তৃতীয়টো ঢৌও অহাৰ আশংকা কৰা হৈছে। তেনেস্থলত অদূৰ ভৱিষ্যতে সোণে ৫০,০০০ৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published: