মোদী চৰকাৰে দিছে ১১০০ টকা ৰেহাইত সোণ কিনাৰ সুবিধা!

৯ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী আঁচনি Sovereign Gold Bondৰ জৰিয়তে ৰেহাই মূল্যত সোণ কিনাৰ সুবিধা আগবঢ়াইছে মোদী চৰকাৰে।

News18-Assam
Updated:September 9, 2019, 12:00 PM IST
মোদী চৰকাৰে দিছে ১১০০ টকা ৰেহাইত সোণ কিনাৰ সুবিধা!
৯ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী আঁচনি Sovereign Gold Bondৰ জৰিয়তে ৰেহাই মূল্যত সোণ কিনাৰ সুবিধা আগবঢ়াইছে মোদী চৰকাৰে।
News18-Assam
Updated: September 9, 2019, 12:00 PM IST
দিনক দিনে বৃদ্ধি পাইছে সোণৰ দাম। এনে সময়তে মোদী চৰকাৰে সোণ ক্ৰয়ৰ ক্ষেত্ৰত আগবঢ়াইছে বিশেষ সুবিধা। ৯ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী আঁচনি Sovereign Gold Bondৰ জৰিয়তে ৰেহাই মূল্যত সোণ কিনাৰ সুবিধা আগবঢ়াইছে মোদী চৰকাৰে। এই আঁচনিৰ জৰিয়তে আপুনি বজাৰ দৰতকৈ প্ৰায় ১১০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব সোণ। বৰ্তমান সময়ত সোণৰ দাম প্ৰতি ১০ গ্ৰামত প্ৰায় ৪০ হাজাৰ টকা। এই আঁচনিৰ জৰিয়তে আপুনি ৩৮,৯০০ টকা প্ৰতি দহ গ্ৰামত কিনিব পাৰিব সোণ। লগতে গ’ল্ড বণ্ডত বিনিয়োগ কৰিলে লভ কৰিব সুদ। ইয়াৰ উপৰি অনলাইনত সোণ কিনিলে পাব ৫০ টকাৰ ৰেহাই।

কি এই Sovereign Gold Bond আঁচনি
এই আঁচনি আৰম্ভ হৈছিল ২০১৫ চনৰ নৱেম্বৰত। ইয়াৰ উদ্দেশ্য হৈছে সোণ কিনাৰ বাবে ব্যৱহৃত ঘৰুৱা সঞ্চয় আৰ্থিক সঞ্চয় হিচাপে কৰা। ঘৰত সোণ কিনি ৰখাৰ পৰিৱৰ্তে যদি আপুনি Sovereign Gold Bondত বিনিয়োগ কৰে তেন্তে আপুনি কৰ ৰাহিও কৰিব পাৰে।



ক’ৰ পৰা ৰেহাই মূল্যত কিনিব সোণ
Sovereign Gold Bondৰ বিক্ৰী বেংক, ষ্টক হল্ডিং কৰ্প’ৰেচন অব ইণ্ডিয়া লিমিটেড, নিৰ্বাচিত ডাকঘৰ আৰু এন এছ ই আৰু বি এছ ইৰ জৰিয়তে হয়। আপুনি ইয়াৰ যিকোনো এঠাইলৈ গৈ এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰে।

Sovereign Gold Bondৰ লাভ

১. এই আঁচনিৰ জৰিয়তে প্ৰাথমিক বিনিয়োগত ২.৫ শতাংশ বাৰ্ষিক সুদ লাভ কৰিব।
২. বণ্ডৰ দৰ সোণৰ দৰত অস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। সোণৰ দাম হ্ৰাস পালে গ’ল্ড বণ্ডত নেতিবাচক ৰিটাৰ্ণ দিয়া হয়।
৩. ইয়াত বিনিয়োগৰ সময় ৮ বছৰ, কিন্তু আপুনি ৫ বছৰ পিছতো আপোনাৰ ধন উলিয়াব পাৰে। ৫ বছৰৰ পিছত ধন উলিয়ালে দিব নালাগে মূলধন লাভ কৰ।
৪. প্ৰয়োজনত আপুনি সোণৰ বিপৰীতে ল’ব পাৰিব ঋণ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি