এমচিএক্স (MCX)ত সোণৰ ভৱিষ্যত মূল্য ০.১০% হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত হয়গৈ ৪৮,৬২৭ টকা।
এমচিএক্স (MCX)ত সোণৰ ভৱিষ্যত মূল্য ০.১০% হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত হয়গৈ ৪৮,৬২৭ টকা।
একেৰাহে তৃতীয়টো দিনৰ বাবে হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য। পূৰ্বৱৰ্তী অধিৱেশনত তীব্ৰ হ্ৰাসৰ পিছতে আজি ভাৰতীয় বজাৰত সোণ আৰু ৰূপৰ মূল্য পুনৰ হ্ৰাস পাইছে। এমচিএক্স (MCX)ত সোণৰ ভৱিষ্যত মূল্য ০.১০% হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত হয়গৈ ৪৮,৬২৭ টকা। আনহাতে ৰূপৰ মূল্য ০.২১% হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত হয়গৈ ৭০,৬৬৩ টকা। এই পতনৰ পিছত ২টা দিনত সোণ ১,০০০ টকা সস্তা হৈ পৰে।
পূৰ্বৰ অধিৱেশনত, ভাৰতত সোণৰ মূল্য ২% হ্ৰাস পাইছিল অৰ্থাৎ প্ৰতি ১০ গ্ৰামত ৯৫০ টকা, আনহাতে ৰূপৰ মূল্যত ২.৫% হ্ৰাস পাইছিল অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ১,৮০০ টকা হ্ৰাস পাইছিল। বিশ্বব্যাপী বজাৰত আমেৰিকাৰ বণ্ড হ্ৰাস হোৱাৰ পিছত সোণৰ মূল্য ২ সপ্তাহৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে। পূৰ্বৰ অধিৱেশনত ২% হ্ৰাস হোৱাৰ পিছত হাজিৰ সোণত ০.৪% হ্ৰাস হৈ প্ৰতি আউন্সত ১,৮৬২.৬৮৮ ডলাৰ হয়।
সোণ-ৰূপৰ মূল্য (Gold-Silver Price Today, 4 June 2021) - আজি সোণৰ মূল্য ০.১০% হ্ৰাস পাইছে, ইয়াৰ লগে লগে ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৮,৬৩৭ টকা। আনহাতে ৰূপৰ মূল্য ০.২১% হ্ৰাস পাইছে। MCXত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৭০,৬৬৩ টকা।
আজিৰ বাবে আছে সস্তাত সোণ ক্ৰয়ৰ সুযোগ -
আজিও আপুনি সাৰ্বভৌম গ’ল্ড বণ্ড আঁচনি ২০২১-২২ৰ তৃতীয় শৃংখলাৰ অধীনত সস্তাতে সোণ ক্ৰয় কৰিব পাৰে। আঁচনিখন ৩১ মে'ত আৰম্ভ কৰা হৈছিল আৰু একেৰাহে ৫ দিন ধৰি চলিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে সোণৰ বণ্ড আঁচনিৰ তৃতীয় শৃংখলাৰ বাবে প্ৰতি গ্ৰামত ইছ্যু মূল্য ৪,৮৮৯ টকা নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে ১০ গ্ৰাম সোণৰ বাবে আপুনি খৰচ কৰিব লাগিব ৪৮,৮৯০ টকা।
এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব -
যদি আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব বিচাৰে, তেন্তে ভাল খবৰ ৷ ইয়াৰ বাবে চৰকাৰে এটা নতুন এপৰ সৃষ্টি কৰিছে। “BIS Care App”ৰ মাধ্যমেৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। এই এপৰ দ্বাৰা কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াৰ সৈতে জড়িত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি। সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি জানিব পৰা মাত্ৰকে এই এপৰ জৰিয়তে আপুনি তৎক্ষণাৎ অভিযোগ দাখিল কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|