বিশ্বৰ বজাৰত সোণৰ দাম হ্ৰাস হোৱাৰ লগে লগে মঙলবাৰে ভাৰতৰ বজাৰতো সোণ আৰু ৰূপ সস্তা হৈ পৰিছে। মাল্টিকোমোডিটি এক্সচেঞ্জত(MCX) সোণৰ মূল্য আজি ৩২৫ টকা হ্ৰাস পাইছে। যোৱা ৫ দিনত সোণৰ মূল্য ৩,৫০০ টকা হ্ৰাস পাইছে।
এমচিএক্সত পুৱা ৯.১০ বজাত ১০ গ্ৰাম সোণৰ দাম ৩২৫ টকা হ্ৰাস পাই ৫১,৯৯৯ টকা হৈছেগৈ। সোণৰ মূল্য যোৱা কেইদিনমানৰ পৰা হ্ৰাস হোৱা দেখা গৈছে। এমচিএক্সত ৰূপৰ দামতো ৫৬১ টকা হ্ৰাস পাইছে। প্ৰতি কিলোগ্ৰামত ৬৮,২৮৩ টকাত বিক্ৰী হৈছে ৰূপ। যোৱা সপ্তাহত এমচিএক্সত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫৫,৬০০ টকাত উপনীত হৈছিল।
মঙলবাৰে পুৱা বিশ্ব বজাৰত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছিল। ৰূপৰ মূল্য প্ৰায় ০.৭ ডলাৰ হ্ৰাস হৈ প্ৰতি আউন্সত ২৫.১১ ডলাৰ হৈছেগৈ। একেদৰে, সোণৰ মূল্যও প্ৰতি আউন্সত ১,৯৫১.৯১ ডলাৰত উপনীত হৈছে। যোৱা সপ্তাহত, বিশ্ববজাৰত সোণৰ হাৰো প্ৰতি আউন্সত ২,০৭০৯ ডলাৰ হ্ৰাস পাইছিল।
সোণ সস্তা হোৱাৰ কাৰণঃৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুঁজ সমাপ্ত হোৱাৰ সম্ভাৱনাৰ ফলত সোণ আৰু ৰূপ বিশ্ব স্তৰত দুৰ্বলতা দেখা গৈছে। অশোধিত তেলৰ মূল্যও প্ৰতি বেৰেলত প্ৰায় ১০০ ডলাৰলৈ হ্ৰাস পাইছে। আনহাতে, ইউএছ ফেড ৰিজাৰ্ভে আজিৰ পৰা আৰম্ভ হোৱা বৈঠকত সূতৰ হাৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই কাৰণবোৰৰ বাবে, সোণ আৰু ৰূপৰ মূল্য নিৰন্তৰ হ্ৰাস হৈ আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|