• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gold Price: বিয়াৰ বতৰত দাম কমিছে সোণৰ, ৰূপৰো মূল্য হ্ৰাস, চাওক Latest Rates

Gold Price: বিয়াৰ বতৰত দাম কমিছে সোণৰ, ৰূপৰো মূল্য হ্ৰাস, চাওক Latest Rates

Gold Silver Price, 15 November 2021 : সপ্তাহৰ আৰম্ভনিতে সোণৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে। ৰূপৰ দামো কমিছে। বিশেষজ্ঞৰ মতে ডলাৰৰ বিপৰীতে টকা মজবুত হোৱাৰ কাৰণেও সোণৰ দাম কমিছে।

  • Share this:
নতুন দিল্লীঃ বিয়াৰ বতৰত সোণৰ দাম (Latest Gold Price) কমা দেখিবলৈ পোৱা গৈছে। তথাপিও দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে সোণৰ দাম প্ৰতি দহ গ্ৰামত ৪৮ হাজাৰ টকাৰ ওপৰত থকা দেখা যায়। সেইদৰে ৰূপৰ দামো (Latest Silver Price) কমা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতো ৰূপৰ মূল্য কিলোগ্ৰামত ৬৫ হাজাৰ টকাৰ ওপৰতে থাকে। বিগত ব্যৱসায়িক দিনত দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৪৮,৩২৮ টকা হোৱা দেখা গৈছিল। আনহাতে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৬৫,৮০২ টকা কিলোগ্ৰামত বন্ধ হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম কমিছে কিন্তু ৰূপৰ দাম তেনেকৈ কমা নাই।

সোণৰ দামঃ দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে সোণৰ দাম ৮২ টকা প্ৰতি দহ গ্ৰামত সামন্য কমা দেখা গৈছিল। ইয়াৰ পিছত ৰাজধানীত ৯৯.৯ শতাংশ বিশুদ্ধতাৰ সোণৰ দাম প্ৰতি দহ গ্ৰামত ৪৮হাজাৰ টকাৰ উৰ্ধত আছিল।

ৰূপৰ দামঃ ৰূপৰ দাম কমা দেখা গৈছে। দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে ৰূপৰ দাম ২০৮ টকা কমি কিলোগ্ৰামত ৬৫,৫৯৪ টকা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ দাম সোমবাৰে আছিল ২৫.১৮ ডলাৰ প্ৰতি আউন্সত।

HDFC Securityৰ জ্যেষ্ঠ বিশ্লেষক তপন পেটেলৰ মতে সোমবাৰে COMEXত সোণৰ তাৎক্ষণিক দাম (Spot Gold Prices) কমা দেখা যায়। ইয়াৰ ফলত ভাৰতীয় বজাৰত সোণৰ দাম কমে।
First published: