নতুন দিল্লীঃ কোৰোণা সংকটৰ মাজত সুৰক্ষিত বিনিয়োগৰ কাৰণে বহু মানুহে সোণত বেছি টকা সোমোৱাই দিলে। ইয়াৰ কাৰণে আকাশলংঘী হ’ল সোণৰ মূল্য। শেহতীয়াকৈ কোৰোণা ভেকচিন বজাৰলৈ অহাৰ সম্ভাৱনাৰ খবৰ বঢ়াৰ লগে লগে টকাৰ মূল্য বাঢ়িবলৈ আৰম্ভ কৰিছে তথা শ্বেয়াৰ বজাৰো উৰ্ধমুখী হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ জোৰত ইনভেষ্টৰসকলে সোণৰ পৰা টকা তুলি অন্যান্য বিকল্পত ইনভেষ্ট কৰা আৰম্ভ কৰিছে। ফলত সোণ আৰু ৰূপৰ দাম যথেষ্ট পৰিমাণে কমিছে। বৰ্তমান সোণ আৰু ৰূপৰ দাম বৃদ্ধিৰ বিশেষ সম্ভাৱনা নাই। ধাৰণা কৰা হৈছে যে ফেব্ৰুৱাৰী, ২০২১ পৰ্যন্ত সোণৰ দাম ১০ গ্ৰামত ৪২০০০টকাৰ আশে পাশে হ’ব। ৰূপৰ দামৰ পতন জাৰি আছে।
আগষ্ট মাহত সোণৰ দাম সৰ্বাধিক আছিল। সোণৰ দাম আগষ্ট মাহত প্ৰতি দহ গ্ৰামত ৫৬,২০০টকা হৈছিল। শুকুৰবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোণৰ দাম ৪৩টকা কমি ১০ গ্ৰামত ৪৮,১৪৮ টকা হৈছিল। এই হিচাপত ১০ গ্ৰামত আগষ্ট মাহৰ পৰা এই পৰ্যন্ত ৮,০৫৮টকা কমিছে। ১০ আগষ্টত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৭৮,২৫৬ টকা হৈছিল। শুকুৰবাৰ, ২৮ নৱেম্বৰত প্ৰতি কিলোগ্ৰামত দাম হৈছে ৫৯,২৫০টকা। এই হিচাপত ৰূপৰ দাম কমিছে ১৯০০০টকা।
যোৱা কেইবাদিনো ধৰি সোণ–ৰূপৰ একেৰাহে পতন দেখা পোৱা গৈছে। আগন্তুক দিনতো সোণ তথা ৰূপৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উৎসৱৰ বতৰ শেষ হোৱাৰ পিছতে বিয়াৰ চিজন আৰম্ভ হৈছে। ফেব্ৰুৱাৰী–মাৰ্চ পৰ্যন্ত সোণৰ ক্ষেত্ৰত যথেষ্ট পতন দেখিবলৈ পোৱা যাব পাৰে। কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা চিৰাম ইনষ্টিটিউটৰ পৰা কোৰোণা ভেকচিনৰ কমেও ৪০কোটি ড’জ ক্ৰয় কৰাৰ কথা–বাৰ্তা চলিছে। অনুমান কৰা হৈছে যে অন্যান্য কৰ্মীসকলেও ভেকচিন তৈয়াৰ কৰাৰ কাম কৰিছে। ইয়াৰ ফলত বজাৰত স্থিৰতা আহিব আৰু মানুহে বিকল্প বিনিয়োগ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|