চলিত মাহৰ শেষৰ ফালে ভাৰতবৰ্ষত কোৰোণাৰ ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। এই খবৰ অহাৰ পিছতে দেশৰ আৰ্থিক অৱস্থা বহুখিনি উন্নত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত সোণৰ দামত নিম্নগামী হোৱা দেখা গৈছে। শুকুৰবাৰে যোৱা ৫ মাহৰ তুলনাত সোণৰ দাম আটাইতকৈ কম হৈছে। কোৰোণাৰ সময়ত যি আৰ্থিক অনিশ্চয়তা দেখা গৈছিল তাৰ ফলত মানুহে সোণত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে। ইয়াৰ ফলত সোণৰ দাম বহুখিনি কমি গৈছে।
![]()
শুকুৰবাৰৰ দিনটোত দিল্লীৰ বজাৰত হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য। প্ৰতি ১০ গ্ৰাম সোণত ৯৪ টকা হ্ৰাস পাই ৪৯,০৯৭ টকা হৈছেগৈ। সেইদৰে ৰূপৰ মূল্যতো দেখা গৈছে পৰিৱৰ্তন। প্ৰতি কেজি ৰূপত ১৬৯ টকা হ্ৰাস পাই ৬২,৪৩১ টকা হৈছেগৈ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম ০.৮ শতাংশ কমি ১৭৭৪.০১ ডলাৰ প্ৰতি আউন্স হৈছে। ২ জুলাইৰ (১৭৬৪.২৯ ডলাৰ প্ৰতি আউন্স)ৰ পিছত শুকুৰবাৰে সোণৰ দাম আছিল আটাইতকৈ কম।
কিয় হ্ৰাস পাইছে সোণৰ দাম?
বিশ্বৰ বহু ঠাইত এতিয়া আৰম্ভ হৈছে কোৰোণাৰ ভাইৰাছৰ ভেকচিন প্ৰয়োগৰ কাম-কাজ। ফলত কোৰোণাৰ ভেকচিন বজাৰলৈ অহাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ব্যাপক প্ৰভাৱ পৰিছে সোণৰ মূল্যৰ ওপৰত।
![]()
বজাৰ বিশেষজ্ঞসকলৰ মতে, ভেকচিন অহাৰ পিছত শ্বেয়াৰ বজাৰ আৰু অধিক ঊৰ্ধ্বগামী হ’ব পাৰে। সেয়েহে ভেকচিন প্ৰস্তুত হোৱাৰ কথা জানিব পাৰি জানিয়ে সকলোৱে সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|