দেশজুৰি সোণৰ দাম হ্ৰাস পোৱাত এতিয়া সুখী মধ্যবিত্ত লোকসকল। বৃহস্পতিবাৰে ভাৰতীয় বজাৰত একেৰাহে চতুৰ্থ দিনৰ বাবে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। সোণৰ মূল্য আজিৰ দিনটোত ৮ মাহৰ ভিতৰত আটাইতকৈ সৰ্বনিম্ন হৈছে। শুকুৰবাৰে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৬,২৯৭ হৈছেগৈ। আনহাতে ৰূপৰ মূল্য প্ৰতিকিলোত ৬৮,৯৮৯ টকালৈ হ্ৰাস পাইছে।
উল্লেখযোগ্য যে, ২০২০ চনৰ আগষ্টত সোণৰ মূল্য ৫৬,২০০ টকাৰ হৈছিলগৈ। কিন্তু এতিয়া সোণৰ মূল্যত প্ৰায় ১০ হাজাৰ পৰ্যন্ত হ্ৰাস পাইছে। শুকুৰবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৬,২৯৭ টকা। যি ৪ মাহৰ সৰ্বনিম্ন স্তৰ।
বিশেষজ্ঞসকলৰ মতে, যদি আপুনি সোণ ক্ৰয় কৰিব বিচাৰে, তেন্তে এয়াই হ'ল সঠিক সময়। কাৰণ এতিয়া হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য। বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৬,০০০ টকাৰ তললৈ হ্ৰাস পাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|