বৰ্তমানেও অব্যাহত আছে সোণৰ মূল্য (Gold Price) হ্ৰাসৰ প্ৰক্ৰিয়া। বৃহস্পতিবাৰে মহা শিৱৰাত্ৰি উপলক্ষে পুৱা বন্ধ ৰখা হৈছিল মাল্টি কমোডিটি এক্সচেঞ্জ। কিন্তু শুকুৰবাৰে ইয়াক খোলাৰ পিছতে ইয়াৰ ব্যৱসায়ত সোণৰ মূল্য আৰু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মাল্টি কমোডিটি এক্সচেঞ্জত এপ্ৰিলৰ সোণৰ ভৱিষ্যত মূল্য ১৩৮ টকা হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হয়গৈ ৪৪,৭৪১ টকা। বিগত বাণিজ্যিক সন্ধিয়াত ইয়াৰ মূল্য আছিল ৪৪,৮৭৯ টকা। ইপিনে শুকুৰবাৰে পুৱা প্ৰায় ৯.৩০ বজাত এমচিএক্সত প্ৰতি ১০ গ্ৰাম সোণে ৪৪,৭৭২ টকাত ব্যৱসায় কৰি আছিল। ইয়াৰ বিপৰীতে চলিত সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ সোমবাৰে ইয়াৰ মূল্য কিছু বৃদ্ধি হৈ হয়গৈ ৪৪,৯১৫টকা।
ইপিনে সোণৰ দৰে ৰূপৰ ভৱিষ্যত মূল্যও হ্ৰাস পাইয়ে আছে। এমচিএক্সত ৰূপৰ ভৱিষ্যত মূল্য ৩৪৫ টকা হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰে প্ৰতি কেজি ৰূপৰ মূল্য হয়গৈ ৬৭,২০০ টকালৈ। শুকুৰবাৰে পুৱা প্ৰায় ৯.৩০ বজাত এমচিএক্সত প্ৰতি কিলো ৰূপে ৬৭,২৩২ টকাত ব্যৱসায় কৰি আছিল। যদিও সোমবাৰে ৰূপৰ মূল্যও কিছু বৃদ্ধি হয় আৰু হয়গৈ প্ৰতি কেজিত ৬৭,২৭৩টকা।
লক্ষণীয় দিশটো হ'ল যে, বিগত বুধবাৰেও দিল্লীত সোণ ১১২ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৪৪,২৮৬ টকালৈ বৃদ্ধি পাইছিল। এইচডিএফচি ছিকিউৰিটিজৰ মতে, পূৰ্বৰ বাণিজ্যত সোণ প্ৰতি ১০ গ্ৰামত ৪৪,১৭৪ টকাত বন্ধ হৈছিল। সোণৰ দৰেই ৰূপৰ মূল্যতো বৃদ্ধি দেখা গৈছিল আৰু ১২৬ টকা বৃদ্ধি পোৱাৰ ফলত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য হৈছিল ৬৬,২৩৬ টকা।
যিহেতু বিশ্বৰ বজাৰত সোণৰ মূল্যই প্ৰভাৱিত কৰে ঘৰুৱা বজাৰত, তেনেস্থলত আন্তৰ্জাতিক বজাৰত বৃহস্পতিবাৰে সোণ প্ৰায় ০.৭ শতাংশ শক্তিশালী হৈ এক সপ্তাহৰ উচ্চ ১,৭৩৮.০৮ ডলাৰ এক আউন্সলৈ বৃদ্ধি পাইছিল।
উল্লেখ্য যে, কোৰোণা ভাইৰাছৰ বাবে সোণৰ মূল্য যথেষ্ট হাৰত বৃদ্ধি পাইছিল, যাৰ ফলত সোণকে মানুহে এক সুৰক্ষিত বিনিয়োগৰ আশ্রয় বিচাৰি লৈছিল আৰু শ্বেয়াৰ বজাৰত বিনিয়োগ বন্ধ কৰিছিল বহুতে।
কিন্তু কোৰোণাকালীন পৰিস্থিতিৰ পিছতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ তেওঁৰ ২০২১ৰ বাজেট প্ৰস্তাৱত সোণ আৰু ৰূপৰ ওপৰত ৫ শতাংশ আমদানি শুল্ক হ্ৰাস কৰিছিল। তাৰ পিছতে সোণ আৰু ৰূপত সম্প্ৰতি ১২.৫ শতাংশৰ পৰিৱৰ্তে মাত্ৰ ৭.৫ শতাংশ আমদানি শুল্ক পৰিশোধ কৰিছিল। যাৰ ফলতে হোৰাহোৰে বৃদ্ধি পাইছে সোণৰ মূল্যl
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|