সোণ-ৰূপ কিনাৰ বাবে সোণালী সুযোগ, ৯৮০০ টকালৈকে সস্তা হৈছে মূল্য

সংসদত বিত্তমন্ত্ৰী বাজেটৰ উত্থাপনৰ পিছৰে পৰা হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।
সংসদত বিত্তমন্ত্ৰী বাজেটৰ উত্থাপনৰ পিছৰে পৰা হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।
- News18 Assam
- Last Updated: February 19, 2021, 2:32 PM IST
সংসদত বিত্তমন্ত্ৰী বাজেটৰ উত্থাপনৰ পিছৰে পৰা হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। কিন্তু বৃহস্পতিবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হয়। প্ৰতি ১০ গ্ৰাম সোণত ১৭২ টকা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ মূল্য হয়গৈ ৪৬,৪০৯ টকা। বিগত সপ্তাহত আছিল ১০ গ্ৰামত ৪৬,২৩৭ টকা। আনহাতে, ৰূপৰ মূল্যতো প্ৰতিকেজিত ১৬৯ টকা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ মূল্য হয়গৈ ৬৯,৪০০ টকা। বিপৰীতে বিগত সপ্তাহত আছিল ১ কেজি ৰূপৰ মূল্য আছিল ৬৯,২৩১টকা।
আগষ্টৰ মাহত সোণৰ মূল্য আকাশলংঘী হৈ পৰিছিল। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫৬,২০০ টকা পৰ্যন্ত হৈছিল। কিন্তু সেই আকাশলংঘী মূল্যৰ পৰা বৰ্তমানে সোণৰ মূল্য প্ৰায় ৯,৮০০ টকালৈ হ্ৰাস পাইছে। একেদৰে ৰূপৰ মূল্যও বিগত আগষ্ট মাহত ব্যাপক হাৰত বৃদ্ধি পাইছিল আৰু প্ৰতিকেজিত ইয়াৰ মূল্য ৭৭,৮৪০ টকা পৰ্যন্ত হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈ ৰূপৰ মূল্যত প্ৰায় ৮,৪০০ টকা হ্ৰাস পাইছে। অৱশ্যে, আগষ্টত এক বৃহৎ হ্ৰাসো হৈছিল আৰু আগষ্ট মাহত সোণৰ মূল্য প্ৰায় ১০ শতাংশলৈ ঘূৰি আহিছিল।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ বাজেট প্ৰস্তাৱত সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। সীতাৰমনে সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক ৫ শতাংশ হ্ৰাস কৰিছে। যাৰ বাবে পূৰ্বৰ ১২.৫ শতাংশ আমদানি শুল্কৰ বিপৰীতে গ্ৰাহকে মাত্ৰ ৭.৫ শতাংশ আমদানি শুল্ক পৰিশোধ কৰিব লাগিব। ইয়ে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস কৰিব। বিত্ত মন্ত্ৰীয়ে কৈছিল যে ২০১৯ চনৰ জুলাইত সোণৰ ওপৰত আমদানি শুল্ক ১০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। ফলত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে সোণ আৰু ৰূপৰ ওপৰত শুল্ক যুক্তিসংগত কৰিব। এই ঘোষণাৰ পিছত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস হ'ব। ভাৰতে বৃহৎ পৰিমাণত সোণ আমদানি কৰে। চীনৰ পিছত ভাৰত হৈছে সোণৰ সৰ্ববৃহৎ ক্ৰেতা। বিত্ত মন্ত্ৰীৰ এই সিদ্ধান্তই সোণৰ সৰবৰাহো ৰোধ কৰিব।
২০২০ চনত ২৮ শতাংশ ব্যয়বহুল হৈছিল সোণ
২০২০ বৰ্ষতো আছিল সোণ–ৰূপৰ মূল্য বাবে গুৰুত্বপূৰ্ণ, কিয়নো সোণৰ মূল্য প্ৰায় ২৮ শতাংশ বৃদ্ধি পাইছিল এই বৰ্ষটোতে। আগষ্ট মাহত, সোণ আৰু ৰূপৰ মূল্য নতুন ৰেকৰ্ড গঢ়িছিল, ই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছিল। কিন্তু এইটো নহয় যে সোণৰ মূল্য কেৱল ভাৰতত বৃদ্ধি পাইছিল। এই বছৰ বিশ্বব্যাপী বজাৰত সোণ প্ৰায় ২৩ শতাংশ ব্যয়বহুল হৈছিল। ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষতো সোণৰ মূল্য বৃদ্ধিৰ হাৰ দুগুণ আছিল।
২০২০ বৰ্ষত সোণৰ মূল্য বৃদ্ধিৰ কাৰণ আছিল কোৰোণা ভাইৰাছ। যাৰ ফলত মানুহে এক সুৰক্ষিত বিনিয়োগৰ আশ্রয় বিচাৰি লৈছিল। সোণত বিনিয়োগ যিহেতু সদায় সুৰক্ষিত হৈ আহিছে। কোৰোণাৰ বাবেই ষ্টক বজাৰৰ লোকসকলে বিনিয়োগ হ্ৰাস কৰিছে, কিয়নো ষ্টক বজাৰত বিনিয়োগ বিপজ্জনক হৈ পৰিছিল। বিগত বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত সোণৰ মূল্য ক্ৰমান্বয়ে বাঢ়ি আছিল, কিন্তু মাৰ্চত ভাৰতত কোৰোনা ভাইৰাছৰ সংহাৰ হোৱাৰ পিছতে ই এক গতি লাভ কৰিছিল।
কিয় হ্ৰাস পাইছে সোণৰ মূল্য?
কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভেকছিনৰ ইতিবাচক খবৰে সোণৰ মূল্য হ্ৰাস কৰিছে। তাৰোপৰি এতিয়া কোৰোনা ভেকছিনো আহিছে আৰু টিকাকৰণো আৰম্ভ হৈছে। বিনিয়োগকাৰীসকলে সোণৰ বাহিৰে ষ্টক বজাৰলৈ ঘূৰি আহিছে, য'ত কম সময়ৰ ভিতৰত অধিক ৰিটাৰ্ণ পোৱা যায়। সেইবাবে অতিশীঘ্ৰে সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে সোণক এতিয়াও দীৰ্ঘম্যাদী সময়ৰ বাবে এটা ভাল বিনিয়োগৰ বিকল্প বুলি বিবেচনা কৰা হৈছে।