Gold Price 28 August 2020: এদিন বৃদ্ধি পোৱাৰ পিছতে সোণ–ৰূপৰ মূল্য আকৌ হ্ৰাস হ’ল। শুকুৰবাৰে দেশৰ বিভিন্ন সোণ–ৰূপৰ বজাৰত সোণ–ৰূপৰ মূল্য অৱনমিত দেখা যায়। বজাৰৰ আৰম্ভনিতে সোণ–ৰূপৰ মূল্য হ্ৰাস হোৱাৰ লগতে মাজতে অলপ বৃদ্ধি হৈ পুনৰ অবনমনৰ সৈতে বজাৰ বন্ধ হয়। শুকুৰবাৰে ২৪ কেৰেট সোণৰ দহ গ্ৰামত ৫০৯২৯ টকা আৰু ৰূপৰ কিলোগ্ৰাম ৬৪৭১১টকাৰ সৈতে বজাৰ খোল খায়। দিনান্তত সোণৰ দাম ৪৫ টকা প্ৰতি গ্ৰামত কম হৈ ৫১১৭৭ টকা হয়। সেইদৰে ৰূপৰ দাম ৫৫৪টকা প্ৰতি কিলোগ্ৰামত কম হয়।
ৰাজধানী দিল্লীত শুকুৰবাৰে সোণৰ দাম প্ৰতি দহ গ্ৰামত ২৫২টকা কম হৈ ৫২১৫৫টকা হয়। এছডিএফচি ছিকিউৰিটিজৰ মতে বিগত দিনত ব্যৱসায় প্ৰতি দহ গ্ৰামত ৫২,৪০৭টকাত বন্ধ হৈছিল। অৱশ্যে ৰূপৰ মূল্য ৪৬২টকা বাঢ়ি ৬৮৪৯২ টকা প্ৰতি কিলোগ্ৰামত হয়।
বেংকবাজাৰ ডট কমৰ মতে, শনিবাৰে গুৱাহাটীত ২৪কেৰেট সোণৰ প্ৰতি দহ গ্ৰামত ৫৫৫৩০ টকা। শুকুৰবাৰে এই মূল্য আছিল প্ৰতি দহ গ্ৰামত ৫৫৫১০টকা। আনহাতে গুৱাহাটীত ৰূপৰ শেহতীয়া মূল্য প্ৰতি কিলোগ্ৰামত ৬৫,৫১০টকা। (কৰ অতিৰিক্ত)
আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম হ্ৰাস পাই প্ৰায় ১৯৫০ টকা প্ৰতি আউন্স হৈছে। আমেৰিকাৰ ডলাৰ মজবুত হোৱাৰ লগতে আমেৰিকাৰ বণ্ড ইল্ডৰ বৃদ্ধি, কোৰোণাৰ চিকিৎসাৰ আশা আৰু আমেৰিকা–চীনৰ ব্যৱসায়ৰ ট্ৰেড ডীলৰ সম্ভাৱনাই সোণৰ ওপৰত প্ৰভাৱ পেলাইছে। উল্লেখ্য যে, IBJAৰ দ্বাৰা জাৰি কৰা ৰেট সমগ্ৰ দেশতে মান্য। অৱশ্যে ৱেবছাইটৰ ৰেটত জিএছটি অন্তৰ্ভুক্ত কৰা নাই। সোণ কিনা–বেচা কৰাৰ সময়ত আপুনি IBJAৰ ৰেট উক্তি কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|