সোণ কিনিবলৈ যোৱাৰ আগতে জানক আজিৰ লেটেষ্ট ৰেটছ, জানক সস্তা হ’ল নে মহঙা...

Gold Price Today: আজিও সোণ–ৰূপৰ মূল্যবৃদ্ধি অব্যাহত। মাল্টি কম’ডিটি এক্সচেঞ্জত আজি পুৱা সোণৰ দাম যথেষ্ট বঢ়া দেখা গ’ল। ফেব্ৰুৱাৰীৰ ফিউচাৰ ট্ৰেড ১৯২ টকা বাঢ়ি ৪৯,৭২৬ টকাৰ স্তৰত ব্যৱসায় হৈ আছিল।
Gold Price Today: আজিও সোণ–ৰূপৰ মূল্যবৃদ্ধি অব্যাহত। মাল্টি কম’ডিটি এক্সচেঞ্জত আজি পুৱা সোণৰ দাম যথেষ্ট বঢ়া দেখা গ’ল। ফেব্ৰুৱাৰীৰ ফিউচাৰ ট্ৰেড ১৯২ টকা বাঢ়ি ৪৯,৭২৬ টকাৰ স্তৰত ব্যৱসায় হৈ আছিল।
- News18 Assam
- Last Updated: January 21, 2021, 1:47 PM IST
ইণ্টাৰনেচনেল মাৰ্কেটত সোণ–ৰূপৰ কি অৱস্থা?
ইণ্টাৰনেচনেল মাৰ্কেটৰ কথা ক’লে ইয়াত আজিও সোণৰ দাম বৃদ্ধি হোৱা দেখা যায়। আমেৰিকাত সোণৰ মূল্য ০.৩৯ ডলাৰ বাঢ়ি প্ৰতি আউন্সত ১৮৭১.৫৬ ডলাৰত ট্ৰেড কৰা দেখা যায়। ইয়াৰ বাহিৰে ৰূপৰ ক্ষেত্ৰত ০.০০৩ডলাৰ বাঢ়ি ২৫.৯১ডলাৰৰ লেভেলত ট্ৰেড কৰি আছে।
>> ২২ কেৰেট গ’ল্ড–৪৭৯২০ টকা
>> ২৪ কেৰেট গ’ল্ড–৫২২৭০ টকা
>> ৰূপৰ দাম–৬৭১০০ টকা
দিল্লীৰ সোণ–ৰূপৰ বজাৰত বুধবাৰে সোণৰ দাম ৩৪৭টকা প্ৰতি দহ গ্ৰামত বাঢ়িছিল। ৰাজধানী দিল্লীত (Delhi) ৯৯.৯ গ্ৰাম শুদ্ধতাৰ সোণৰ নতুন দাম প্ৰতি ১০গ্ৰামত ৪৮,৭৫৮টকা হৈছে।
ৰূপৰ কি অৱস্থা?
ৰূপৰ মূল্য বুধবাৰে ভালকৈ জাঁপ মৰা দেখা গ’ল। দিল্লীৰ সোণ–ৰূপৰ বজাৰত আজি ৰূপৰ মূল্য ৬০৬টকা প্ৰতি কিলোগ্ৰাম হয়। এতিয়া ইয়াৰ দাম ৬৫,৮১৪টকা প্ৰতি কিলোগ্ৰাম হয়।
মতিলাল ঔছৱাল ফাইনেনচিয়েল চাৰ্ভিচেচৰ ভাইচ প্ৰেচিডেণ্ট নৱনীত দামানীৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা যায়। সেইদৰে বিশ্বজুৰি কোৰোণা ভাইৰাছক লৈ এতিয়াও বিনিয়োগকৰ্তাসকলৰ মাজত ভয়ৰ পৰিৱেশ আছে। এনেকুৱাত সুৰক্ষিত বিনিয়োগৰ বিকল্প হিচাপে মানুহে সোণত বিনিয়োগ কৰিছে। ইয়াতো সোণৰ মূল্যত উত্থান–পতন জাৰি আছে। আনহাতে আমেৰিকাৰ নতুন চৰকাৰে কোৰোণা সংকটৰ সৈতে যুঁজিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে।