গোৱাৰ বিজেপি চৰকাৰে শীঘ্ৰেই এক নতুন আইন প্ৰণয়ন কৰিবলৈ গৈ আছে। এই আইন অনুসৰি বিয়াৰ পূৰ্বে HIV টেষ্ট কৰোৱাটো বাধ্যতামূলক হ’ব। গোৱাৰ স্বাস্থ্য আৰু আইন মন্ত্ৰী বিশ্বজিৎ ৰাণেই কৈছে যে বিয়াৰ পঞ্জীয়নৰ পূৰ্বে চৰকাৰে এইচআইভি টেষ্ট কৰোৱাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক লৈ চৰ্চা কৰি আছে। এই প্ৰস্তাৱত আইন বিভাগৰ পৰামৰ্শও গ্ৰহণ কৰা হৈছে।
স্বাস্থ্য মন্ত্ৰীয়ে লগতে জনায় যে এই আইনৰ লগে লগে বিয়াৰ পূৰ্বে থেলাচেমিয়াৰ টেষ্ট কৰোৱাটো বাধ্যতামূলক কৰা হ’ব। এই বেমাৰ যাতে ল’ৰা–ছোৱালীলৈ সোঁচৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে চিন্তা কৰিছে। এই দুয়োখন আইন চৰকাৰে একেলগে আনিবলৈ বিচাৰি আছে আৰু গোৱা প্ৰগতিশীল ৰাজ্য সেইকাৰণে চৰকাৰে এইক্ষেত্ৰত সফলতা লাভ কৰিবও পাৰে।
উল্লেখযোগ্য যে এই আইন প্ৰণয়ন কৰিবলৈ ২০০৬চনতো তৎকালীন স্বাস্থ্যমন্ত্ৰী দয়ানন্দ নাৰৱেকাৰে এক প্ৰস্তাৱ সন্মুখত ৰাখিছিল। ইয়াত গোৱা কেবিনেটে বিয়াৰ পূৰ্বে এইচআইভি টেষ্ট বাধ্যতামূলক কৰা আইনত সন্মতি প্ৰদান কৰিছিল। অৱশ্যে এই আইন সম্পূৰ্ণৰূপত বলৱৎ কৰিব পৰা হোৱা নাছিল।