টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ৰ ছেমি ফাইনেলত প্ৰবেশ কৰাৰ পিছতে অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ক অভিনন্দন জনাইছে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ ওভতা মণিপুৰৰ ভাৰোত্তলক মিৰাবাই চানুৱে। আজি এক টুইট কৰি মিৰাবাই চানু (Mirabai Chanu)ৱে কয়, ভিনন্দন লাভলীনৈ, এতিয়াও দুটা বিজয় আঁতৰত...সোণ জয় কৰি আহিবা।
উল্লেখ্য যে টকিঅ' অলিম্পিকৰ ৪৯ কেজি শাখাত ৰপৰ পদক জয় কৰিছে মিৰাবাই চানুৱে। মিৰাবাই চানুৰ পিছত ভাৰতৰ আৰু ৰোন খেলুৱৈয়ে পদক জয় কৰিব তাক লৈ সমগ্ৰ দেশত চলি আছিল জল্পনা-কল্পনা। অৱশেষত আজি অসমকন্যা লাভলীনাই দেশবাসীৰ সেই আশা পূৰ্ণ কৰিলে।
লাভলীনাই বক্সিঙৰ ৬৯ কেজিৰ ৱেল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। ছেমিফাইনেলত বিজয়ী হ'লেই ৰূপৰ পদকো নিশ্তিত হ'ব। কিন্তু লাভলীনাই কৈছে- "মোৰ মতে মেডেল মানে সোণৰ মেডেলহে।'
উল্লেখ্য যে ভাৰতৰ হৈ এতিয়ালৈকে অলিম্পিকত বক্সিঙত মণিপুৰৰ মেৰী কমেহে পদক জয় কৰিবলৈ সক্ষম হৈছে। মেৰী কমে লণ্ডন অলিম্পিকত ২০১২ চনত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 30, 2021, 19:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।