চৰকাৰৰ জাননী, অতি শীঘ্ৰে পঞ্জীয়ন কৰক পোহনীয়া কুকুৰ, মেকুৰীৰ, অন্যথা কঠোৰ শাস্তি

গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাত পোহনীয়া কুকুৰ মেকুৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে প্ৰশাসনে

News18-Assam
Updated:October 20, 2019, 10:33 PM IST
চৰকাৰৰ জাননী, অতি শীঘ্ৰে পঞ্জীয়ন কৰক পোহনীয়া কুকুৰ, মেকুৰীৰ, অন্যথা কঠোৰ শাস্তি
গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাত পোহনীয়া কুকুৰ মেকুৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে প্ৰশাসনে
News18-Assam
Updated: October 20, 2019, 10:33 PM IST
গুৱাহাটী মহানগৰ প্ৰশাসনৰ বিশেষ জাননী। অতি শীঘ্ৰে পঞ্জীয়ন কৰক পোহনীয়া কুকুৰ মেকুৰী। অন্যথা সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ । গুৱাহাটী মহানগৰৰ অধিকাংশ বাসিন্দাৰে এতিয়া নিত্যসংগীৰ দৰে হৈ পৰিছে বিভিন্ন প্ৰজাতীৰ কুকুৰ। ঘৰ খনৰ সুৰক্ষাৰ বাবেই হওক বা অন্য কোনো কাৰণতে হওক গুৱাহাটী মহানগৰৰ প্ৰায় সংখ্যক মানুহৰ ঘৰতে দেখা যায় পোহনীয়া কুকুৰ। কিন্তু কুকুৰ মেকুৰী লগত ৰাখিলেও  বহুতেই প্ৰয়োজনীয় পঞ্জীয়ন আৰু প্ৰতিষেধক ছিটা দিয়াৰ নিয়ম অনুসৰণ নকৰে বুলি সততে অভিযোগ শুনা যায়।

গতিকে Pet-ৰ (কুকুৰ আৰু মেকুৰী) সকলো গৰাকীক ফাঁচি বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাত তেওঁলোকৰ পোহনীয়া কুকুৰ মেকুৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে প্ৰশাসনে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি