এটা কথা আপুনি নিশ্চয় বিশ্বাস কৰে যে এজন ব্যক্তিৰ কামেই হৈছে তেওঁৰ পৰিচয়। যদি তেওঁ নিষ্ঠাৰে নিজৰ কাম কৰি আছে, তেন্তে তেওঁ প্ৰশংসাৰ যোগ্য। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী ছোৱালীয়ে গ্ৰাহকক কফি বিক্ৰী কৰাৰ এক অনন্য উপায় বিচাৰি পাইছে। আণ্ডাৰগাৰ্মেণ্ট পিন্ধি গ্ৰাহকক যোগান ধৰিছে কফি। কিন্তু এনেদৰে কফি বিক্ৰী কৰিও সন্মুখীন হৈছে লোকচানৰ।
ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি, ১৯ বছৰীয়া গ্ৰেচিয়ে বাৰিষ্টা হিচাপে কাম কৰে। তেওঁ নিজে কফি তৈয়াৰ কৰে আৰু গ্ৰাহকসকলক যোগান ধৰে। কিন্তু যুৱতীগৰাকীৰ সমস্যাটো হ'ল যে, একাংশ পুৰুষ গ্ৰাহকে কফিতকৈ তেওঁক কিদৰে মন জয় কৰিব পাৰে সেইলৈহে আগ্ৰহী। বহুতে গ্ৰেচিক শুনাই যৌনগন্ধী মন্তব্যও দিয়ে।
যিহেতু গ্ৰেচিৰ চাকৰি যথেষ্ট বোল্ড আৰু গ্ৰাহকক অন্তৰ্বাস পিন্ধি কফি পৰিৱেশন কৰিব লগীয়া হয়, বহুতো গ্ৰাহকে তেওঁক বিতৰ্কিত কথা বতৰাৰে অস্বস্তিতো পেলায়। একাংশই গ্ৰেচিক খোৱাৰ বাবদ ধন পৰিশোধ নকৰাকৈয়ে অশ্লীল কথা কৈ গুচি যায়।
গ্ৰেচিয়ে কৈছে যে, তেওঁ নিজৰ কামটো অত্যন্ত ভাল পায়। কিন্তু বহুতে তেওঁৰ বিষযে ভুলকৈ ভাবে। বহুতে নুবুজে যে, গ্ৰেচিৰ কাম কেৱল কফি বনোৱা আৰু গ্ৰাহকক যোগান ধৰা। বহুতে গ্ৰেচিৰ পৰা আন কিবাহে বিচাৰে। যিয়ে তেওঁক মানসিক কষ্ট দিয়ে। আৰু প্ৰস্তাৱ নাকচ কৰিলেই ককৰ্থনা কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|