নিজৰ বয়ফ্ৰেণ্ডক অত্যন্ত ভাল পাইছিল কোলীনে। দুখ সহ্য কৰিব পৰা নাছিল বয়ফ্ৰেণ্ডৰ। নিজৰ ভালপোৱা জনৰ জীৱনলৈ হাঁহি উভতাই আনিবলৈ দান দিছিল নিজৰ কিডনী। অপাৰেশ্যন সফলতাৰে হৈ গৈছিল। আৰু সুস্থ হৈ উঠিছিল বয়ফ্ৰেণ্ডজন।
নিজৰ বয়ফ্ৰেণ্ডক অত্যন্ত ভাল পাইছিল কোলীনে। দুখ সহ্য কৰিব পৰা নাছিল বয়ফ্ৰেণ্ডৰ। নিজৰ ভালপোৱা জনৰ জীৱনলৈ হাঁহি উভতাই আনিবলৈ দান দিছিল নিজৰ কিডনী। অপাৰেশ্যন সফলতাৰে হৈ গৈছিল। আৰু সুস্থ হৈ উঠিছিল বয়ফ্ৰেণ্ডজন।
কেলিফৰ্নিয়াৰ টিকটকাৰ কোলীন লী আজিও সৰ্বত্ৰ চৰ্চিত। যি নিজৰ বয়ফ্ৰেণ্ডক সুস্থ কৰিবলৈ কিডনী দান কৰাৰ সিদ্ধান্ত লৈছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে কোলীনৰ কিডনী বয়ফ্ৰেণ্ডৰ শৰীৰত সংৰোপণ কৰা হৈছিল। আৰু ইয়াৰ পিছতে লাহে লাহে শাৰীৰিক ভাবে সুস্থ হৈ উঠিছিল বয়ফ্ৰেণ্ড। কিন্তু সুস্থ হৈ উঠাৰ সাত মাহৰ পিছতে প্ৰতাৰক বয়ফ্ৰেণ্ডে কোলীনৰ সৈতে সম্পৰ্ক ছেদ কৰে।
যেতিয়া পোহৰলৈ আহিছিল এই খবৰ!
এই ঘটনা ২০২০ চনৰ। যেতিয়া কোলীনে নিজৰ এই কাহিনী টিকটকৰ মাধ্যমেৰে সকলোকে জনাইছিল। কোলীনে কৈছিল যে, ২০১৬ চনত নিজৰ এক্স বয়ফ্ৰেণ্ডক নিজৰ কিডনী দান কৰিছিল। আৰু তাৰ কিছু মাহৰ পিছতে প্ৰতাৰণা কৰে বয়ফ্ৰেণ্ডজনে।
কোলীনে জনোৱা মতে, ২০১৫ চনত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। আৰু তাৰ কেইদিনমান পিছতে বয়ফ্ৰেণ্ডজন কিডনীজনিত ৰোগত আক্ৰান্ত হয়। আৰু কোলীনে নিজৰ এটা কিডনী বয়ফ্ৰেণ্ডক দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৬ চনত হৈছিল চাৰ্জাৰী। আৰু অপাৰেশ্যনৰ ঠিক ৭ মাহৰ পিছতে কোলীনৰ কথিত প্ৰেমিকে এজন বন্ধুৰ বেচ্চলৰ পাৰ্টীত অংশ ল'বলৈ লাচ বেগাচলৈ যায়। আৰু তাৰ পিছতে কোলীনৰ সৈতে সম্পৰ্ক ছেদ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|