• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • First Dating Controversy: ল'ৰাই দিবনে ছোৱালীয়ে, ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ বিতৰ্ক, এইগৰাকী যুৱতীৰ কাণ্ডত হতবাক সকলো

First Dating Controversy: ল'ৰাই দিবনে ছোৱালীয়ে, ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ বিতৰ্ক, এইগৰাকী যুৱতীৰ কাণ্ডত হতবাক সকলো

First Dating Controversy: ল'ৰা আৰু ছোৱালী দুয়োজনেই প্ৰথম ডেটিঙত কোনো ভুল নকৰিবলৈ চেষ্টা কৰে। কিন্তু বহু সময়ত আনকি সৰু সৰু কথাবোৰো ডাঙৰ অঘটনৰ কাৰণ হৈ পৰে।

First Dating Controversy: ল'ৰা আৰু ছোৱালী দুয়োজনেই প্ৰথম ডেটিঙত কোনো ভুল নকৰিবলৈ চেষ্টা কৰে। কিন্তু বহু সময়ত আনকি সৰু সৰু কথাবোৰো ডাঙৰ অঘটনৰ কাৰণ হৈ পৰে।

First Dating Controversy: ল'ৰা আৰু ছোৱালী দুয়োজনেই প্ৰথম ডেটিঙত কোনো ভুল নকৰিবলৈ চেষ্টা কৰে। কিন্তু বহু সময়ত আনকি সৰু সৰু কথাবোৰো ডাঙৰ অঘটনৰ কাৰণ হৈ পৰে।

  • Share this:
প্ৰথম ডেটিং (First Dating) সকলোৰে বাবে বহুত বিশেষ হয়। নহ'বইনো কিয়? ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভৱিষ্যতৰ সম্পৰ্কৰ দিশ নিৰ্ধাৰণ কৰা হয়। যদি ডেটিং (Dating) ভালেৰে যায় তেন্তে ল'ৰা আৰু ছোৱালীজনীয়ে পুনৰ লগ হোৱাৰ পৰিকল্পনা কৰিব পাৰে। আৰু যদি সেয়াই নহয়, তেন্তে প্ৰথম ডেটিঙতে টাটা-বাই বাই হৈ যায়। এনে পৰিস্থিতিত ল'ৰা আৰু ছোৱালী দুয়োজনেই প্ৰথম ডেটিঙত কোনো ভুল নকৰিবলৈ চেষ্টা কৰে। কিন্তু বহু সময়ত আনকি সৰু সৰু কথাবোৰো ডাঙৰ অঘটনৰ কাৰণ হৈ পৰে।

সাধাৰণতে মানুহে ডেটিঙত প্ৰায়েই ৰেষ্টুৰেণ্ট এখনত লগ কৰে। এনে পৰিস্থিতিত প্ৰথম ডেটিঙৰ বিল (Dating Bill) কোনে দিব তাক লৈ এক আচৰিত যদিও আমোদজনক বিতৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। বহুলোকে বিল দুয়োজনৰ মাজত ভাগ কৰি লয়। কিন্তু সাধাৰণতে এটা ধাৰণা আছে ডেটিঙত ল'ৰাবোৰেহে বিল দিয়ে। আমেৰিকা (America)ত বাস কৰা এগৰাকী মহিলাই এই ধাৰণাটো অলপ বেছি গুৰুত্বসহকাৰে লৈছিল। ল'ৰাজনে তাইৰ কফি (Coffee)ৰ বিল পৰিশোধ নকৰা বাবেই তাই পুনৰ লগ কৰিবলৈ অস্বীকাৰ কৰিছিল।

আমেৰিকাৰ এগৰাকী যুৱতী তাইৰ প্ৰথম ডেটত এজন ল'ৰাৰ সৈতে গৈছিল। দুয়োৰে সন্ধিয়াটো যথেষ্ট ভালদৰে পাৰ হৈছিল। দুয়ো এখন ৰেষ্টুৰেণ্টত কফি খাইছিল আৰু দীঘলীয়া সময়লৈ কথা পাতিছিল। কিন্তু যেতিয়া বিল দিয়াৰ সময় আহিছিল ল'ৰাজনে বিল পৰিশোধ কৰিবলৈ কোনো আগ্ৰহ দেখুওৱা নাছিল। পিছত ছোৱালীজনীয়ে কফিৰ বাবে পাঁচ ডলাৰ অৰ্থাৎ প্ৰায় চাৰিশ টকা পৰিশোধ কৰিছিল। ঘৰলৈ অহাৰ পিছতে ছোৱালীজনীয়ে মেছেজ এটা লিখি ব্ৰেকআপ কৰিলে।

ছোৱালীজনীৰ মতে, এয়া কেৱল চাৰিশ টকাৰ কথা নহয়। তাই তাইৰ কফিৰ বিল পৰিশোধ কৰিব পাৰে। কিন্তু এটা কথাতে বেয়া লাগিছিল যে ল'ৰাজনে এবাৰো বিল পৰিশোধৰ বাবে অনুৰোধ কৰা নাছিল, যাৰ বাবে যুৱতীগৰাকীয়ে সম্পৰ্কটো ভাঙি পেলাইছিল।
Published by:Manjumoni Borah
First published: