• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Taj Mahal Replica: অন্য এক প্ৰেমগাথা, তাজমহলৰ দৰে ঘৰ বনাই মৰমৰ পত্নীক উপহাৰ দিলে স্বামীয়ে

Taj Mahal Replica: অন্য এক প্ৰেমগাথা, তাজমহলৰ দৰে ঘৰ বনাই মৰমৰ পত্নীক উপহাৰ দিলে স্বামীয়ে

 Man builds Taj Mahal-like house for wife: আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁৰ মনলৈ আহে আন এক তাজমহলৰ চিন্তা।

Man builds Taj Mahal-like house for wife: আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁৰ মনলৈ আহে আন এক তাজমহলৰ চিন্তা।

Man builds Taj Mahal-like house for wife: আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁৰ মনলৈ আহে আন এক তাজমহলৰ চিন্তা।

  • Share this:

প্ৰেমৰ প্ৰতীক তাজমহল (Taj Mahal)। এই কীৰ্তিচিহ্নই আকৰ্ষণ কৰি আহিছে বিশ্বৰ সকলো লোককে। আকৰ্ষণ কৰিছিল আনন্দ প্ৰকাশ চৌক্ষী নামৰ এগৰাকী লোককো। তেওঁ পত্নীৰ সৈতে আগ্ৰাৰ তাজমহল দৰ্শন কৰিবলৈ গৈছিল। আগ্ৰাৰ তাজমহলৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁৰ মনলৈ আহে আন এক তাজমহলৰ চিন্তা।


আনন্দ প্ৰকাশৰ ঘৰ মধ্য প্ৰদেশ (Madhya Pradesh)ৰ বুৰহানপুৰত। তেওঁ এজন শিক্ষাবিদ। তেওঁৰ মৰমৰ পত্নী মঞ্জুশা চৌক্ষীক তাজমহল সদৃশ এটা ঘৰ উপহাৰ দি প্ৰেমৰ স্মৃতি সজীৱ কৰিব বিচাৰে।

কিন্তু ইয়াৰ বাবে তেওঁ কৰিবলগীয়া হৈছিল বহুখিনি কাম। আনন্দ প্ৰকাশে তাজমহলৰ স্থাপত্য বিদ্যাৰ বিষয়ে বিশদ তথ্য সংগ্ৰহৰ লগতে অভিযন্তাসকলকো তাজমহলৰ স্থাপত্যৰ বিষয়ে জানিবলৈ লগাই দিছিল।


Latest News in Assamese

সেই মতে আনন্দ প্ৰকাশে প্ৰথমে অভিযন্তাসকলক ৮০ ফুট ওখ ঘৰ এটা নিৰ্মাণ কৰিবলৈ কয়। কিন্তু এনে ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। তথাপি আনন্দ প্ৰকাশে অনুমতি নোপোৱাৰ পিছতো তাজমহল ( Taj Mahal)ৰ আৰ্হিত  এটা ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।


আনন্দ প্ৰকাশে সেই ঘৰটো নিৰ্মাণ কৰিবলৈ তিনি বছৰ সময় লৈছিল। ঘৰটো তাজমহলৰ ত্ৰিমূৰ্তিৰ ছবিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।


আনন্দ প্ৰকাশৰ মতে, তেওঁৰ ঘৰটো বুৰহানপুৰৰ এটা দৰ্শন ক্ষেত্ৰ হ'ব। ঘৰটো নিৰ্মাণৰ সৈতে জড়িত অভিযন্তা প্ৰবীণ চকছে কয় যে ই ৯০ বৰ্গ মিটাৰ বহল আৰু ইয়াত বহুতো মিনাৰ আছে। ঘৰটোৰ মূল গাঁথনিটোৱে ৬০ বৰ্গ মিটাৰ আৱৰি আছে। উচ্চতা হৈছে ২৯ ফুট। দুটা মহলাত দুটা শোৱনি কোঠা আছে। ঘৰটোত পাকঘৰ, পুথিভঁৰাল আৰু যোগ কোঠাও ৰখা হৈছে।             India News in Assamese

Published by:Gautam Barman
First published: