অনুৰাগীসকলে গীতা কাপুৰক প্ৰশ্ন কৰিবলৈ ধৰিলে যে তেওঁ কাৰ সৈতে বিয়া হ’ল? কিন্তু এতিয়া গীতা কাপুৰৰ শিৰৰ সেন্দুৰৰ ৰহস্য পোহৰলৈ আহিছে।
অনুৰাগীসকলে গীতা কাপুৰক প্ৰশ্ন কৰিবলৈ ধৰিলে যে তেওঁ কাৰ সৈতে বিয়া হ’ল? কিন্তু এতিয়া গীতা কাপুৰৰ শিৰৰ সেন্দুৰৰ ৰহস্য পোহৰলৈ আহিছে।
জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ গীতা কাপুৰ বৰ্তমান চৰ্চালৈ আহিছে। শেহতীয়াকৈ গীতা মাই ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ৰঙা পোছাক পিন্ধি কপালত সেন্দুৰ লগোৱা দেখা গৈছিল। এই ফটো দেখি আচৰিত হৈছিল অনুৰাগীসকল। অনুৰাগীসকলে গীতা কাপুৰক প্ৰশ্ন কৰিবলৈ ধৰিলে যে তেওঁ কাৰ সৈতে বিয়া হ’ল? কিন্তু এতিয়া গীতা কাপুৰৰ শিৰৰ সেন্দুৰৰ ৰহস্য পোহৰলৈ আহিছে।
ই টাইমছৰ সৈতে কথা–বাৰ্তাত গীতা কাপুৰে নিজৰ সেন্দুৰৰ ৰহস্য ফাদিল কৰে। গীতা কাপুৰে কয়, ‘মোৰ বিয়া হোৱা নাই। আপুনি ভালদৰে জানে যে যদি মই বিয়াত বহো তেন্তে কাৰো পৰা এই কথা নুলুকুৱাওঁ। তেন্তে মই কেনেকৈ বিয়াত বহিব পাৰো? কিছুমাহ পূৰ্বে মোৰ মাৰ মৃত্যু হৈছে। এই বিয়াৰ খবৰ একেবাৰে সঁচা নহয়।’
গীতা কাপুৰে সেন্দুৰ পিন্ধা ফটো সন্দৰ্ভত কয়, ‘মই শিৰত সেন্দুৰ লগাইছো। সেই ফটো ‘ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ৰ লেটেষ্ট এপিছ’ডৰ শ্বুটৰ আছিল। সেই এপিছ’ডটো বলীউদৰ চিৰসেউজ অভিনেত্ৰীৰ ওপৰত আছিল আৰু আমি সকলোৱে তেওঁৰ দৰে প্ৰস্তুত হৈছিলো। সকলোৱে জানে যে মই ৰেখাজীৰ কিমান ডাঙৰ অনুৰাগী। সেইবাবে মই ভাবিলো যে মই তেওঁৰ দৰে সাজু হওঁ। তেওঁ সেন্দুৰ পিন্ধে, সেইবাবে ময়ো সেন্দুৰ পিন্ধিছিলো।’
গীতা কাপুৰে কয় যে ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো সেন্দুৰ লগাইছে। তেওঁ কয়, ‘মই ভগৱান শিৱৰ ভক্ত। সেইবাবে প্ৰতি সোমবাৰে পূজাৰ পিছত শিৰত সেন্দুৰ লগাওঁ।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|