গৌতম গম্ভীৰক শ্বাহিদ আফ্ৰিদীৰ আক্ৰমণ, ক’লে মগজু নাই তথাপি ৰাইজে দিলে ভোট!

News18
Updated:May 28, 2019, 5:26 PM IST
গৌতম গম্ভীৰক শ্বাহিদ আফ্ৰিদীৰ আক্ৰমণ, ক’লে মগজু নাই তথাপি ৰাইজে দিলে ভোট!
বিজেপিৰ পৰা টিকট লাভ কৰাৰ পিছত গৌতমে বহুমত লাভ কৰিছে যদিও শ্বাহিদ আফ্ৰিদীয়ে কটু ভাষাৰে আক্ৰমণ কৰিছে গম্ভীৰক।

বিজেপিৰ পৰা টিকট লাভ কৰাৰ পিছত গৌতমে বহুমত লাভ কৰিছে যদিও শ্বাহিদ আফ্ৰিদীয়ে কটু ভাষাৰে আক্ৰমণ কৰিছে গম্ভীৰক।

  • News18
  • Last Updated: May 28, 2019, 5:26 PM IST
  • Share this:
টীম ইণ্ডিয়াক দুবাৰকৈ বিশ্বকাপ জয়ৰ সোৱাদ দিয়া বেটছমেন গৌতম গম্ভীৰ দিল্লীৰ সাংসদৰূপে নিৰ্বাচিত হোৱা কাৰ্যক সহজৰূপে গ্ৰহণ কৰিব পৰা নাই চিৰবৈৰী পাকিস্তানৰ প্ৰতিদ্বন্দ্বী খেলুৱৈয়ে। বিজেপিৰ পৰা টিকট লাভ কৰাৰ পিছত গৌতমে বহুমত লাভ কৰিছে যদিও শ্বাহিদ আফ্ৰিদীয়ে কটু ভাষাৰে আক্ৰমণ কৰিছে গম্ভীৰক। পাকিস্তানৰ এখন সংবাদমেলত শ্বাহিদ আফ্ৰিদীয়ে কয়, গৌতম গম্ভীৰৰ মগজু নাই কিন্তু তথাপিও ৰাইজে তেওঁক ভোট দিছে।

পুলৱামাত চি আৰ পি এফৰ ওপৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছতে গৌতম গম্ভীৰে মন্তব্য কৰিছিল যে ভাৰতে পাকিস্তানৰ সৈতে ক্ৰিকেট খেলা বাদ দিব লাগে। গৌতম গম্ভীৰৰ এই মন্তব্যৰ কথা পাকিস্তানী সংবাদমাধ্যমে শ্বাহিদ আফ্ৰিদীক সোধাত তেওঁ উত্তৰ দিয়ে,
কোনোবা সুস্থ চিন্তাৰ মানুহে এনে কথা ক’ব পাৰে নে কি? গৌতম গম্ভীৰৰ মগজু নাই তথাপি ৰাইজে তেওঁক ভোট দিলে।
তাৎপৰ্যপূৰ্ণ যে খেলৰ পথাৰৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়ে গৌতম গম্ভীৰে পূব দিল্লীৰ পৰা নিৰ্বাচন খেলি ৬,৯৬,১৫৬টা ভোট লাভ কৰিছে। গম্ভীৰে কংগ্ৰেছ নেতা অৰবিন্দ সিং লভলীক ৩,৯১,২২২টা ভোটত পৰাস্ত কৰে।



গৌতম–আফ্ৰিদীৰ সম্পৰ্ক আগৰে পৰা ‘গম্ভীৰ’

গৌতম গম্ভীৰ আৰু শ্বাহিদ আফ্ৰিদীৰ সম্পৰ্কৰ তিক্ততা নতুন নহয়। আফ্ৰিদীয়ে নিজৰ আত্মজীৱনী ‘গেম চেঞ্জাৰ’ত উল্লেখ কৰিছিল যে গৌতম নেতিবাচক খেলুৱৈ। ক্ৰিকেটৰ পথাৰত সততে উগ্ৰ মূৰ্তি ধাৰণ কৰে গৌতম গম্ভীৰে, এই অভিযোগ কৰিছিল আফ্ৰিদীয়ে। তেওঁ লিখিছিল–
গম্ভীৰে এনে আচৰণ কৰে যেন তেওঁ ডন ব্ৰেডমেন আৰু জেমছ বণ্ডৰ সংমিশ্ৰণ। কৰাচীত আমি এনেকুৱা মানুহক বলীয়া বুলি কওঁ। পোণ কথা মই হাঁহিমুখীয়া, ইতিবাচক মনৰ মানুহ ভাল পাওঁ। গম্ভীৰ একেবাৰে ইতিবাচক মনৰ মানুহ নহয়।


আফ্ৰিদীক গৌতম গম্ভীৰৰ উত্তৰ

আফ্ৰিদীৰ অভিযোগৰ কাঠে কাঠ মিলোৱা উত্তৰ গম্ভীৰেও দিছে। তেওঁ কয়,
শ্বাহিদ আফ্ৰিদী আপুনি বৰ ধেমালী কৰে, আমি এতিয়াও পাকিস্তানৰ মানুহক চিকিৎসা কৰাবলৈ ভিজা প্ৰদান কৰি আছো। মই নিজে আপোনাক মনোচিকিৎসকৰ কাষলৈ লৈ যাম বাৰু।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading