IDOLৰ তিনি প্ৰাক্তন সঞ্চালকক অব্যাহতি, জম্মু–কাশ্মীৰৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে কৰিব কেলেংকাৰীৰ তদন্ত

News18 Assam | News18-Assam
Updated:December 4, 2019, 4:07 PM IST
IDOLৰ তিনি প্ৰাক্তন সঞ্চালকক অব্যাহতি, জম্মু–কাশ্মীৰৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে কৰিব কেলেংকাৰীৰ তদন্ত
Source-Google

জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাভ হুছেইন শইকীয়াৰ লগতে নিৰ্বাচিত ৭জনীয়া কমিটিয়ে সুকীয়াকৈ কৰিব তদন্ত

  • Share this:
সকলো প্ৰশাসনীয় কাম কাজৰ পৰা আইডলৰ তিনি প্ৰাক্তন সঞ্চালকক অব্যাহতি। ড৹ কন্দৰ্প দাস, প্ৰফেচৰ অশোক কুমাৰ বৰা, বৰ্তমানৰ সঞ্চালক অমিত চৌধুৰীক অব্যাহতি।
ড৹ কন্দৰ্প দাস আৰু অশোক কুমাৰ বৰাই অব্যাহতি বিচাৰি আবেদন জনাইছিল। এই
আবেদন গ্ৰহণ কৰি কাৰ্যবাহী পৰিষদে তিনিওকে প্ৰশাসনীয় কাম কাজৰ পৰা অব্যাহতি দিলে। অৱশ্যে কৰিব পাৰিব পাঠদান।

কাৰ্যবাহী পৰিষদৰ বৈঠকত সিদ্ধান্ত। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি UGCৰ অনুমোদন নোহোৱা বিষয়সমূহ ক্ৰমে,  শিক্ষাতত্ত্ব, ৰাজনীতি বিজ্ঞান, বাণিজ্য, গণিত, দৰ্শন,
কম্পিউটাৰ এপ্লিকেছন, নেপালী, সংস্কৃত আদি।

ডিপ্লোমা ক'ৰ্চসমূহৰ ক্ষেত্ৰত প্ৰয়োজন নাই UGCৰ অনুমোদনৰ। তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ হোৱাৰ স্বাৰ্থত বৰ্তমানৰ অমিত চৌধুৰীকো আইডলৰ সঞ্চালকৰ পৰা অব্যাহতি দিয়ে ECএ।
জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাভ হুছেইন শইকীয়াৰ লগতে নিৰ্বাচিত

৭জনীয়া কমিটিয়ে সুকীয়াকৈ কৰিব তদন্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি