নহৰুৰ দৰে ইয়াৰ বাকলিত এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণাগুণ থাকে লগতে বাকলিবোৰে স্বাস্থ্য আৰু সৌন্দৰ্য (Health and beauty) বৰ্ধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
নহৰুৰ দৰে ইয়াৰ বাকলিত এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণাগুণ থাকে লগতে বাকলিবোৰে স্বাস্থ্য আৰু সৌন্দৰ্য (Health and beauty) বৰ্ধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
কোৰোণা মহামাৰীৰ এই সময়ছোৱাত আপুনি নিশ্চয় খাদ্যৰ লগত নিতৌ নহৰু গ্ৰহণ কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আহাৰৰ তালিকাত নহৰু থকাটো স্বাভাৱিক। ইয়াক বহুতো স্বাস্থ্য সম্পৰ্কীয় (Health related) সমস্যা আঁতৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি কেতিয়াবা কোনো সমস্যাৰ বাবে নহৰুৰ বাকলি (Garlic Peels) ব্যৱহাৰ কৰিছে নেকি? আপুনি নিশ্চয় ভাবিছে যে নহৰুৰ বাকলিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ক'ব লাগিব যে নহৰুৰ দৰে ইয়াৰ বাকলিত এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণাগুণ থাকে লগতে বাকলিবোৰে স্বাস্থ্য আৰু সৌন্দৰ্য (Health and beauty) বৰ্ধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে নহৰুৰ বাকলিৰ গুণাগুণ সম্বন্ধে জানো আহক ।
ভৰি ফুলাৰ পৰিত্ৰাণ দিয়ে
ভৰি ফুলা হ্ৰাস কৰিবলৈ নহৰুৰ বাকলি পানীত উতলাওক। তাৰ পিছত যেতিয়া পানী কুহুমীয়া গৰম হৈ উঠিব তেতিয়া এই পানীত অলপ সময় আপোনাৰ ভৰি দুটা ডুবাই ৰাখক।
জ্বৰ-পানীলগাৰ পৰা সকাহ দিয়ে
জ্বৰ-পানীলগাৰ পৰা সকাহ পাবলৈ পানীত নহৰুৰ বাকলি দিয়ক আৰু সেইবোৰ উতলাওক। এই পানী খোৱাৰ ফলত আপুনি সোনকালেই জ্বৰ-পানীলগাৰ পৰা পৰিত্ৰাণ পাব।
ছালৰ খজুৱতি কমাবলৈ
ছালত খজুৱতিৰ অসুবিধা দূৰ কৰিবলৈ আপুনি নহৰুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে, নহৰুৰ বাকলি পানীত উতলাওক আৰু খজুৱতি হোৱা স্থানত এই পানী প্ৰয়োগ কৰক।
ওকণি আঁতৰ কৰাত সহায় কৰে
ওকণিৰ পৰা সকাহ পাবলৈ নহৰুৰ বাকলি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে বাকলিবোৰত অলপ পানী দি খুন্দি লওক আৰু ডাঠ পেষ্ট এটা প্ৰস্তুত কৰক। ইয়াত কেইটোপালমান নেমুৰ ৰস যোগ দি চুলিৰ গুৰিত লগাওক।
চুলিৰ সমস্যা হ্ৰাস কৰে
চুলিৰ শুষ্কতা, উফি আদিৰ দৰে সমস্যা আঁতৰাবলৈ পানীত নহৰুৰ বাকলি যোগ দিয়ক আৰু উতলাওক। তাৰ পিছত এই পানীখিনি ঠাণ্ডা কৰি চুলিবোৰ ধুই পেলাওক।
উদ্ভিদৰ বাবে প্ৰাকৃতিক সাৰ
নহৰুৰ বাকলি বাগিচাতো ব্যৱহাৰ কৰিব পাৰি। ইয়াত থকা পুষ্টিবোৰে মাটি সমৃদ্ধ কৰাৰ কাম কৰে। গছবোৰৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত নহৰুৰ বাকলিয়ে এক বিশেষ ভূমিকা পালন কৰে।
খাদ্যৰ সোৱাদ আৰু পুষ্টি বৃদ্ধি কৰে
খাদ্যৰ সোৱাদ আৰু পুষ্টি বৃদ্ধি কৰিবলৈ নহৰুৰ বাকলি ব্যৱহাৰ কৰিব পাৰি। এই বাকলিবোৰ চুপৰ লগতে শাক-পাচলিৰ ভাজিতো ব্যৱহাৰ কৰিব পাৰি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|