মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Lord Ganesh: জীৱনত য'তেই হাত দিছে তাতেই বিফলতাহে পাইছে! ভগৱান গণেশৰ পৰা শিকক এই পাঁচটা গুণ, সফলতাই আপোনাৰ চৰণ চুমিব

Lord Ganesh: জীৱনত য'তেই হাত দিছে তাতেই বিফলতাহে পাইছে! ভগৱান গণেশৰ পৰা শিকক এই পাঁচটা গুণ, সফলতাই আপোনাৰ চৰণ চুমিব

News18 Assam | News18-Assam
Updated:August 27, 2021, 8:56 AM IST
Lord Ganesh: জীৱনত য'তেই হাত দিছে তাতেই বিফলতাহে পাইছে! ভগৱান গণেশৰ পৰা শিকক এই পাঁচটা গুণ, সফলতাই আপোনাৰ চৰণ চুমিব
Qualities Of Lord Ganesh: ভগৱান গণেশৰ ৫টা গুণ নিজৰ জীৱনত আৰোপ কৰি আমিও লাভ কৰিব পাৰো চমকপ্ৰদ সফলতা।

Qualities Of Lord Ganesh: ভগৱান গণেশৰ ৫টা গুণ নিজৰ জীৱনত আৰোপ কৰি আমিও লাভ কৰিব পাৰো চমকপ্ৰদ সফলতা।

  • Share this:
হিন্দু ধৰ্মত থকা ৩৩ কোটি দেৱতাসকলৰ ভিতৰত প্ৰভূ গণেশ হৈছে গুণৰ আঁকৰ। সকলো দেৱতাৰ ভিতৰত প্ৰথমতেই গণেশৰ পূজা কৰা হয়। সকলো শুভ কৰ্মতে গণেশৰ পূজা কৰা হয়। গণেশ হৈছে সকলো দেৱতাতকৈ ব্যতিক্ৰম। তেওঁৰ সকলো গুণেই আমাৰ জীৱনৰ সফলতাৰ একো একোটা মন্ত্ৰ ৰূপে মানিব পাৰি। আমিও যদি গণেশৰ গুণবোৰ আজিৰে পৰা নিজৰ নিজৰ জীৱনত পালন কৰিবলৈ চেষ্টা কৰোঁ তেনেহ'লে অচিৰেই সফলতাই আমাৰ  চৰণ চুমিব। গণেশৰ এনে ধৰণৰ ৫টা আচৰিত গুণ আছে যিকেইটাই আপোনাৰ জীৱনৰ দশা আৰু দিশা সকলো সলনি কৰি দিব পাৰে।

সকলো পৰিস্থিতিতে সুখী হৈ থকা

ভগৱান গণেশৰ পৰা শিকিবলগীয়া আটাইতকৈ ডাঙৰ আৰু মহত্বপূৰ্ণ শিক্ষাটো হৈছে এই যে জীৱনত সকলো পৰিস্থিতিতে সুখী হৈ থকা। গণেশক সদায় সকলো পৰিস্থিতিতে সুখী হৈ থকা দেৱতা বুলি মনা হয়। সুখী হৈ থাকিলে ডাঙৰতকৈও ডাঙৰ সমস্যা সহজতেই সমাধান কৰিব পাৰি।

ধৈৰ্য ধৰা

গণেশৰ আনটো ডাঙৰ গুণ হৈছে ধৈৰ্য শক্তি। আমি সৰু-সুৰা সমস্যাতেই ধৈৰ্য হেৰুৱাই পেলাওঁ। ইয়াৰ বাবে বহু সময়ত আমি শাৰীৰিক, আৰ্থিক আৰু সামাজিকভাবেও ক্ষতিৰ সন্মুখীন হওঁ। গণেশৰ জীৱনে আমাক ধৈৰ্যৱান হোৱাৰ প্ৰেৰণা দিয়ে।

শান্ত হৈ থকা

নিজক শান্ত কৰি ৰখাটো ভগৱান গণেশৰ পৰা শিকিবলগীয়া আন এটা মহান গুণ। কাৰণ শান্ত মন এটাতহে আগবাঢ়ি যোৱাৰ চিন্তাই বাহ ল'ব পাৰে। মন শান্ত হ'লেহে বিপদৰ সময়তো সঠিক সিদ্ধান্ত ল'ব পাৰি।

ডাঙৰ-সৰুত ভেদ নৰখা

গণেশে কেতিয়াও সৰু আৰু  ডাঙৰৰ মাজত ভেদভাৱ ৰখা নাই। নন্দীলৈ গণেশৰ যিমান স্নেহ সিমানেই স্নেহ নিগনিটোলৈও। ইয়াৰ অৰ্থ হৈছে জীৱনত লগ পোৱা সকলো ব্যক্তিকে সৰু-ডাঙৰৰ ভেদ নাৰাখি সন্মান কৰিব লাগে।

বিবেকশীল হোৱা

গণেশৰ আন এটা গুণ, যিটো আমি নিজৰ জীৱনতো আৰোপ কৰিব লাগে, সেইটো হৈছে বিবেকশীলতা। সফলতা লাভ কৰিবলৈ কি পথ বাচি ল'ম বা যি কোনো চৰ্টকাট গ্ৰহণ নকৰাৰ সিদ্ধান্ত বিবেকৰ শক্তিৰেই ল'ব পৰা যায়। যদি আমি গণেশৰ এই পাঁচটা গুণ জীৱনত আৰোপ কৰি লওঁ তেনেহ'লে কোনো বাধাই আমাক সফলতাৰ পৰা বঞ্চিত কৰিব নোৱাৰে।

(Disclaimer: এই লেখাটোত দিয়া তথ্যবোৰ সাধাৰণ জনবিশ্বাসৰ ওপৰত আধাৰিত। NEWS18 অসমে ইয়াৰ সত্যতা নিৰূপণ নকৰে । এইবোৰ তথ্য ব্যৱহাৰ কৰাৰ সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়)
Published by: Manjumoni Borah
First published: August 27, 2021, 8:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি