মহৰ কামোৰ খোৱাৰ অভিজ্ঞতা নথকা লোক খুব কমেই আছে। কিন্তু একাংশ মানুহক আনৰ তুলনাত মহে কম কামোৰে! এই ঘটনা নিশ্চয় আপুনি নিজ চকুৰে দেখিছে। নিজৰ পৰিয়ালেই হওক বা বন্ধুবৰ্গৰ মাজতে, এনে ঘটনা খুব স্বাভাৱিক। কিয় কিছুমান লোকক মহে আগুৰি ধৰে তাক লৈ গৱেষণা হৈছে। কিয় কিছুমান মানুহক মহে বেছি কামুৰিবলৈ পছন্দ কৰে এই প্ৰশ্নক লৈ আপুনিও নিশ্চয় ভাৱিছে।
সম্প্ৰতি নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে, গৱেষণাত দেখা গৈছে মহিলাৰ তুলনাত পুৰুষক মহে কামোৰাৰ সম্ভাৱনা বেছি। গৱেষণা এনালছ অব ইণ্টাৰনেল মেডিচিন জাৰ্নেলত প্ৰকাশিত হৈছিল। পূৰ্বে শুনা গৈছিল যে মহে মহিলাৰ প্ৰতি বেছি আকৃষ্ট হয়, সেই ধাৰণাক নস্যাৎ কৰিছে এই গৱেষণাই।
গৱেষণাত কোৱা হৈছে, মহে কামোৰাৰ সৈতে তেজৰ কোনো সম্পৰ্ক নাই। পুৰুষসকল ঘন ঘন মহৰ কামোৰৰ চিকাৰ হয় প্ৰধানত তেওঁলোকক শৰীৰৰ আকাৰৰ কাৰণে। গৱেষণাত কোৱা হৈছে, ‘‘ডাঙৰ চেহেৰাৰ ব্যক্তিসকলে মহক বেছি আকৰ্ষণ কৰে।’’ সম্ভৱত ডাঙৰ চেহেৰাৰ মানুহৰ অধিক আপেক্ষিক তাপ বা কাৰ্বন ডাই অক্সাইডৰ কাৰণেই এনে হয়।
২০০০ চনত প্ৰকাশিত এটা গৱেষণাত বিজ্ঞানীসকলে এই উপসংহাৰত উপনীত হয় যে গৰ্ভৱতী মহিলাসকলক আন মহিলাৰ তুলনাত বেছি কামোৰে মহে। গৱেষণাত কোৱা হৈছে, গৰ্ভৱতী মহিলাসকলে বেছি শ্বাস লয় আৰু শৰীৰৰ তাপমাত্ৰা বেছি থাকে, যাৰ ফলত মহে তেওঁলোকক সোনকালে চিনাক্ত কৰিব পাৰে।
মহ সম্পৰ্কে আন এটা মজাৰ কথা হ’ল, কেৱল মাইকী মহেহে আপোনাক কামুৰিব পাৰে। পুৰুষবোৰ এইক্ষেত্ৰত নিৰীহ। পুৰুষ মহে চাৰিওফালে ঘূৰা–ফুৰা কৰি গুণগুণাই আপোনাক বিৰক্ত কৰিব পাৰে, কিন্তু নাকামোৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|