আজি অৰ্থাৎ ১মে’ৰ পৰা আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জৰিত বহুকেইটা কথা সলনি হৈছে। ইয়াত ৰে’ল, বিমান, বেংক, ATMৰ সৈতে জৰিত বহুকেইটা পৰিৱৰ্তন অন্তৰ্ভুক্ত হৈ আছে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত এতিয়াও ল’কডাউন অব্যাহত আছে গতিকে ৰে’ল আৰু বিমানসেৱা এতিয়াও বন্ধ কিন্তু ইয়াৰ সৈতে জৰিত কেইটামান কথাৰো আজি সালসলনি হৈছে। জানক আপোনাৰ দৈনন্দিন জীৱনত কি পৰিৱৰ্তন হ’ব আৰু আপোনাৰ জেপত কি প্ৰভাৱ পৰিব?
১ মে’ৰ পৰা কি কি সলনি হ’ব?SBI ৰ ছেভিংছ একাউণ্টত কম সুত পাব। বেংকত ১লাখ টকা পৰ্যন্ত FDত বাৰ্ষিক ৩.০৫ শতাংশ সুত পাব আনহাতে ১লাখৰ অধিক পৰিমাণৰ এফডিৰ ক্ষেত্ৰত ৩.২৫শতাংশ সুত পাব। এয়া ৰেপ’ ৰেটৰ পৰা ২.৭৬শতাংশ কম। ইয়াৰ পূৰ্বে RBI–এ ৰেপ’ ৰেট ০.২৫শতাংশ কৰ্তন কৰি ৬শতাংশ কৰিছিল। SBI প্ৰথম বেংক যি এক্সটাৰ্নেল বেন্সমাৰ্কৰ আধাৰত সুত প্ৰদান কৰিছে।
ৰন্ধন গেছৰ দাম হ্ৰাসদেশৰ অইল মাৰ্কেটিং কোম্পানীসমূহ (HPCL,BPCL, IOC)–এ ৰাজসাহাৰ্যবিহীন (non subsidized LPG Gas Cylinder) ৰ দাম কৰ্তন কৰাৰ ঘোষণা কৰিছে। ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ দাম গুৱাহাটীত আজি হ্ৰাস পাই ৫৭৩টকা হৈছে।
PNB একাউণ্ট হল্ডাৰৰ কাৰণে কি সলনি হ’ব?
পঞ্জাৱ নেচনেল বেংকৰ ডিজিটেল ৱালেটে ১ মে’ৰ পৰা কাম নকৰে। PNBৰ সকলো গ্ৰাহক যিসকলে ইয়াৰ কিট্টী ৱালেট চাৰ্ভিছৰ ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া IMPSৰ জৰিয়তে টকা ট্ৰান্সফাৰ কৰিব পাৰে বা খৰছ কৰিব পাৰে। PNB–এ কৈছে যে ইউজাৰ্ছৰ ৱালেটত জিৰ’ বেলেন্স হোৱাৰ পিছতহে ৱালেট একাউণ্ট বন্ধ কৰা হ’ব। যদি বেলেন্স নেট জিৰ’ নহয় তেনেহ’লে ইউজাৰ্ছে সেই টকা খৰছ কৰিব লাগিব বা ট্ৰান্সফাৰ কৰিব লাগিব। গ্ৰাহকে যদি বেংকৰ সৈতে ৰেজিষ্টাৰ কৰা নিজৰ নম্বৰ সলনি কৰিব বিচাৰে তেনেহ’লে তেওঁ প্ৰথমে ৱালেটৰ টকা খৰছ কৰি বন্ধ কৰিব লাগিব। এয়া নোহোৱালৈকে ম’বাইল নম্বৰ সলনি কৰিব পৰা নাযাব।
পেন্সনাৰ সকলে পাব সম্পূৰ্ণ পেন্সনএম্পলয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন (EPFO)–এ মে’ মাহত সেইসকল লোকক সম্পূৰ্ণ পেন্সন দিবলৈ আৰম্ভ কৰিছে যিসকলে অৱসৰৰ সময়ত কমিউটেশ্যনৰ বিকল্প লৈছিল। Commutation ৰ ক্ষেত্ৰত চৰকাৰে লোৱা এই পদক্ষেপে ৬.৩০লাখ পেন্সনাৰ উপকৃত হ’ব। ইয়াৰ কাৰণে ৰাজকোষৰ পৰা উলিওৱা হ’ব ১৫০০কোটি টকা।
ৰে’লৱেৰ কি কি নিয়ম সলনি হ’ল? ল’কডাউনৰ কাৰণে এতিয়া ৰে’ল চলা নাই যদিও ৰে’লৱেৰ বহুকেইটা নিয়ম সলনি হৈছে। ৰে’লৱেৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে এই নতুন নিয়ম বলৱৎ হৈ পৰিব। নতুন নিয়ম মতে ৰিজাৰ্ভেছন চাৰ্ট প্ৰস্তুত হোৱাৰ ৪ঘণ্টা পিছলৈকে যাত্ৰীসকলে নিজৰ ব’ৰ্ডিং ষ্টেশ্যন সলনি কৰিব পাৰে। বৰ্তমানৰ নিয়ম অনুসৰি যাত্ৰীয়ে ২৪ঘণ্টা আগলৈকে ব’ৰ্ডিং ষ্টেশ্যন সলনি কৰিব পাৰে। ইয়াত মন কৰিবলগীয়া কথা হ’ল যে, যদি যাত্ৰীয়ে ব’ৰ্ডিং ষ্টেশ্যন সলনি কৰে আৰু যাত্ৰা নকৰে তেনেহ’লে ইয়াৰ পিছত টিকট কেন্সেল কৰিলেও কোনো ৰিফাণ্ড নাপায়।
বিমানসেৱাৰ কি কি নিয়ম সলনি?১মে’ৰ পৰা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলে টিকট কেন্সেল কৰিলে কোনো বেলেগ চাৰ্জ দিব নালাগে। নতুন নিয়ম মতে, বুকিঙৰ ২৪ঘণ্টাৰ ভিতৰত যদি যাত্ৰীয়ে টিকট কেন্সেল কৰে বা কোনো পৰিৱৰ্তন কৰে তেনেহ’লে কোনো চাৰ্জ দিব নালাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|