ডিলাৰে নতুন গাড়ী কিনাৰ সময়ত গ্ৰাহকক দিব গছপুলি!

কামৰূপ জিলা পৰিবহন বিভাগে হাতত লৈছে অভিনৱ পদক্ষেপ! এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই।

News18-Assam
Updated:July 10, 2019, 8:45 PM IST
ডিলাৰে নতুন গাড়ী কিনাৰ সময়ত গ্ৰাহকক দিব গছপুলি!
কামৰূপ জিলা পৰিবহন বিভাগে হাতত লৈছে অভিনৱ পদক্ষেপ! এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই।
News18-Assam
Updated: July 10, 2019, 8:45 PM IST
এতিয়াৰে পৰা কামৰূপ জিলাৰ প্ৰতিটো গাড়ী ডিলাৰে বাহন বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক দিব লাগিৰ এটাকৈ গছপুলি।পৰিবেশৰ ভাৰষাম্যতা ৰক্ষা কৰাৰ উদ্দেশ্যে কামৰূপ জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। লগতে গছপুলি প্ৰদানৰ মূল উদ্দেশ্য হৈছে প্ৰতি গৰাকী লোকক বৃক্ষৰোপন আৰু লালন পালন কৰাৰ প্ৰতি সজাগ কৰা। বুধবাৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই। কমল কুমাৰ বৈশ্যই ডিলাৰৰ লোকসকল ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থাকে বাবে তেওঁ গছপুলি ৰোপনৰ প্ৰতি গ্ৰাহক সকলক সজাগ কৰিবলৈ আহ্বান জনাই। বিভাগটোৰ এই কাৰ্যক এতিয়া সকলো লোকে একেমুখে প্ৰশংসা কৰা দেখা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি