এক নম্বৰ অর্থাৎ সোমবাৰৰ পৰা বহু নিয়ম হ'ব পাৰে সাল-সলনি। এই নিয়মৰ ফলত কাৰ কি হ'ব লাভ? নৱেম্বৰ মাহত কমিব নেকি বস্তু দাম, আহিব পাৰে ডাঙৰ ঘোষণা। দীপাৱলীৰ পূৰ্বে হ'বলগীয়া এইসমূহ সাল-সলনিত দামবৃদ্ধি, টেকনিকেল সেৱা, মাৰ্কেটৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিব। যাৰ প্ৰভাৱ পৰিব সাধাৰণ লোকৰ ওপৰত।
LPG চিলিণ্ডাৰৰ দাম বঢ়াৰ সম্ভাৱনাঃ হিন্দুস্থান টাইমছৰ ৰিপৰ্ট অনুসৰি, নৱেম্বৰ মাহত বাঢ়িব পাৰে গেছ চিলিণ্ডাৰৰ দাম। পিটিআইৰ মতে, আণ্ডাৰ ৰিকভাৰী ১০০ টকা প্ৰতি চিলিণ্ডাৰত বাঢ়িব পাৰে।
চলিব স্পেচিয়েল ট্ৰেইনঃ ভাৰতীয় ৰেলৱেই ঘোষণা কৰিছে যে, নৱেম্বৰ মাহত দীপাৱলী, ষঠ আৰু অন্যান্য উত্সৱৰ সময়ছোৱাত বিশেষ ট্ৰেইন চলিব। ইয়াৰে কিছুমান ট্ৰেইন ১ নৱেম্বৰৰ পৰা চলিব।
একাংশ এণ্ড্ৰইড আৰু আইঅএছ মোবাইলত চাপোৰ্ট নকৰিব হোৱাটছএপঃ একাংশ পুৰণি এণ্ড্ৰইড আৰু আইঅএছ মোবাইলত ১ নৱেম্বৰৰ পৰা চাপোৰ্ট নকৰিব হোৱাটছএপ।
বিনিয়োগকাৰীৰ বাবে ভালখবৰঃ নৱেম্বৰ মাহত বিনিয়োগকাৰীলৈ আহিব পাৰে সু-খবৰ। ১ নৱেম্বৰত পলিচী বাজাৰৰ ইনিচিয়েল পাব্লিক অফাৰ আৰম্ভ হ'ব।
পেন্সন পোৱা সকলৰ বাবে বিশেষ ৰেহাইঃ ভাৰতীয় ষ্টেট বেংকে ১ নৱেম্বৰৰ পৰা নতুন সুবিধা আৰম্ভ কৰিব। ইয়াৰ অধীনত পেন্সনাৰ সকলে জীৱিত থকা প্ৰমাণ পত্ৰ জমা কৰিবলৈ বেংকলৈ যাব নালাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|