মাজত মাত্ৰ ১০ দিন আছে, এই কেইটা কাম সোনকালে কৰি লওক, অন্যথা...

News18 Assam | News18-Assam
Updated:March 21, 2020, 9:41 AM IST
মাজত মাত্ৰ ১০ দিন আছে, এই কেইটা কাম সোনকালে কৰি লওক, অন্যথা...
চলিত বিত্তীয়বৰ্ষ সমাপ্ত হ’বলৈ মাজত মাত্ৰ ১০ দিন আছে। গতিকে এই কেইটা কাম এই কেইদিনৰ ভিতৰতে কৰি লওক।

চলিত বিত্তীয়বৰ্ষ সমাপ্ত হ’বলৈ মাজত মাত্ৰ ১০ দিন আছে। গতিকে এই কেইটা কাম এই কেইদিনৰ ভিতৰতে কৰি লওক।

  • Share this:
ক’ৰোণা ভাইৰাছৰ কাৰণে এতিয়া সমগ্ৰ বিশ্বতে আতংকময় পৰিস্থিতি। প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কিন্তু সেইসময়তে চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ’বলৈ মাজত আছে মাত্ৰ ১০ টা দিন। এই দহ দিনৰ ভিতৰত বহু কেইটা কৰিব লাগিব আপুনি।

১. Pan কাৰ্ডক Aadhaar কাৰ্ডৰ সৈতে লিংকঃ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ শেষ সীমা ৩১ মাৰ্চ। ৩১ মাৰ্চৰ ভিতৰত লিংক নকৰিল ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা।
২. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ম্যাদঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাক চাবচিডি ৩১ মাৰ্চ লৈকেহে উপলব্ধ হ’ব। কিন্তু সেইসময়তে আৰ বি আইয়ে ক’ৰোণা ভাইৰাছৰ কাৰণে প্ৰয়োজন নহ’লে বেংক নাযাবলৈ আহ্বান জনাইছে।

৩.বিবাদৰ পৰা বিশ্বাস স্কিমঃ বিবাদৰ পৰা বিশ্বাস স্কিমৰ জৰিয়তে যিসকল কৰ দাতাই চৰকাৰৰ সৈতে নিজৰ কৰৰ বিবাদ সমূহ সমাধান কৰিব বিচাৰে,তেওঁলোকে ৩১ মাৰ্চ ২০২০ৰ ভিতৰত কৰিব লাগিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি