আপুনি বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰিব বিচাৰে নেকি? সম্পূৰ্ণ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰাৰ আকৰ্ষণীয় অ'ফাৰ। ৩১ জানুৱাৰীৰ পূৰ্বে এলপিজি বুক কৰিলে আপুনি লাভ কৰিব পাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ।
এই আকৰ্ষণীয় অ'ফাৰৰ জৰিয়তে গেছ চিলিণ্ডাৰৰ যিমান টকা হব, সিমান টকা আপোনাক উভতাই দিয়া হব। মোবাইল ৱালেট প্লেটফৰ্ম Paytm-এ নিজৰ গ্ৰাহকৰ বাবে আগবঢ়াইছে এই অ'ফাৰ। এই অ'ফাৰৰ অধীনত গ্ৰাহকে মাত্ৰ এবাৰ Paytmৰ জৰিয়তে গেছ চিলিণ্ডাৰ বুক কৰিব লাগিব। Paytmৰ এই অ'ফাৰ সকলো প্ৰতিষ্ঠানৰ গেছ কানেকশ্যনৰ বাবেই উপলব্ধ।
Paytmৰ জৰিয়তে ৭০০ টকা পৰ্যন্ত কেচবেকৰ বাবে এনেদৰে আগবাঢ়ক- প্ৰথমে Paytm এপ ডাউনলোড কৰিব লাগিব।
- ইয়াৰ পিছত recharge and pay bills অপশ্যনত যাওক।
-'book a cylinder' অপশ্যন খোলক।
- ভাৰত গেছ, এইচ পি গেছ, ইণ্ডেনৰ গেছ নিৰ্বাচিত কৰক।
- ৰেজিষ্টাৰ্ড মোবাইল নং বা নিজৰ LPG ID লিখক।
-ইয়াৰ পিছত আপুনি পেমেণ্ট অপশ্যন দেখিবষ
-আৰু পেমেণ্ট কৰাৰ পূৰ্বে অফাৰত 'FIRSTLPG' প্ৰোমো কড লিখক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|