ৰাজ্যৰ ৮ জিলাৰ চিকিত্‍সালয়ত হ’ব বিনামূলীয়া ডায়াল’ছিছ

১৪ জুনৰ পৰা আৰম্ভ হ’ব এই সেৱা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়াল’ছিছ আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।

news18assam
Updated:June 12, 2019, 7:33 AM IST
ৰাজ্যৰ ৮ জিলাৰ চিকিত্‍সালয়ত হ’ব বিনামূলীয়া ডায়াল’ছিছ
১৪ জুনৰ পৰা আৰম্ভ হ’ব এই সেৱা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়াল’ছিছ আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।
news18assam
Updated: June 12, 2019, 7:33 AM IST
ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতত লৈছে এক অভিলাসী আঁচনি। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বৃক্ক ৰোগী সকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য়ৰ স্বাস্থ্য বিভাগে ৮ জিলাৰ চিকিৎসালয়ত আৰম্ভ কৰিব বিনামূলীয়া ডায়াল’ছিছ সেৱা। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা। ১৪ জুনৰ পৰা ২০ জুনৰ ভিতৰত ৰাজ্য  চৰকাৰে মুঠ আঠ খন জিলা চিকিৎসালয় ক্ৰমে নলবাৰীৰ এছ এম কে অসামৰিক চিকিৎসালয়,দৰঙৰ মঙলদৈ অসামৰিক চিকিৎসালয়,শোণিতপুৰ কনকলতা অসামৰিক চিকিৎসালয়,তেজপুৰ চিকিৎসালয় মহাবিদ্যালয়, তিনিচুকীয়া এল জি বি অসামৰিক চিকিৎসালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়,বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও জিলা চিকিৎসালয়ত এই সেৱা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সেইদৰে অহা তিনি মাহৰ ভিতৰত ধেমাজি, লখিমপুৰ,নগাঁও,শিৱসাগৰ,ডিফু,ধুবুৰী, যোৰহাটো আৰম্ভ কৰা হ’ব এই বিনামূলীয়া ডায়াল’ছিছৰ ব্যৱস্থা। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি