হিন্দু ধৰ্মত গুৰু পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোতে শিষ্যসকলে নিজৰ গুৰুসকলক পূজা কৰে। এই উৎসৱক ব্যাস পূৰ্ণিমা আৰু বেদ ব্যাস জয়ন্তী বুলিও কোৱা হয়। ধৰ্মীয় গ্ৰন্থসমূহৰ মতে বেদ ব্যাসে চাৰি বেদৰ জ্ঞান মানুহক দিছিল। সেইবাবেই তেওঁক প্ৰথম গুৰু বুলি কোৱা হয়। এইবাৰৰ গুৰু পূৰ্ণিমাৰ পূজাৰ তাৰিখ আৰু পদ্ধতি জানো আহক...
গুৰু পূৰ্ণিমা ২০২২ তাৰিখঃ
এইবাৰ ১৩ জুলাইত পালন কৰা হ’ব গুৰু পূৰ্ণিমা উৎসৱ (
Guru Purnima Celebration)। লগতে জ্যোতিষ পঞ্জিকা অনুসৰি ১৩ জুলাইৰ পুৱা ৪.০২ বজাৰ পৰা আহাৰ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিন আৰম্ভ হৈছে। আনহাতে ১৩ জুলাইত নিশা ১২.০৫ বজাত পূৰ্ণিমাৰ তাৰিখ শেষ হ’ব।
এই ৪টা যোগ গঠন হ'ব
জ্যোতিষ পঞ্জিকা অনুসৰি এইবাৰ গুৰু পূৰ্ণিমাৰ দিনা মংগল, বুধ, বৃহস্পতি আৰু শনি শুভ অৱস্থাত আছে। এই শুভ স্থিতিৰ বাবে গুৰু পূৰ্ণিমাৰ দিনা ৪টা ৰাজযোগ ক্ৰমে ৰুচক, ভদ্ৰ, হংস আৰু শশ গঠন হৈ আছে। ইয়াৰ সমান্তৰালকৈ বুধাদিত্য যোগো গঠন হৈ আছে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এই অৱস্থান অতি শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত গুৰু পূৰ্ণিমাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।
গুৰুত্ব কি জানি লওক:
মহৰ্ষি বেদ ব্যাসে মহাভাৰত গ্ৰন্থখন ৰচনা কৰিছিল। লগতে ১৮ পুৰাণো ৰচনা কৰিছিল বেদ ব্যাসে। এওঁৰ জয়ন্তীতে গুৰুসকলৰ পূজা কৰা হয়। অৰ্থাৎ যদি কোনো ব্যক্তিয়ে নিজৰ বিশ্বাস অনুযায়ী কাৰোবাক গুৰু হিচাপে গ্ৰহণ কৰিছে। গতিকে সেই ব্যক্তিজনে ভক্তিৰে নিজৰ গুৰুৰ পূজা কৰে। লগতে আজিৰ দিনটোত ঘৰৰ বয়োজ্যেষ্ঠসকলৰো ভৰি স্পৰ্শ কৰি আশীৰ্বাদ ল'ব লাগে। ধৰ্মীয় গ্ৰন্থসমূহত লিখা আছে যে এজন ব্যক্তিয়ে নিজৰ ইচ্ছা পূৰণৰ বাবে যিদৰে ঈশ্বৰক পূজা কৰে, তেনেদৰে গুৰুকো (Guru Purnima) পূজা কৰিব লাগে।
গুৰু পূৰ্ণিমাৰ পূজা বিধিঃ.আজিৰ দিনটোত ৰাতিপুৱাই সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। সম্ভৱ হ’লে হালধীয়া কাপোৰ পিন্ধি গুৰুৰ ওচৰলৈ গৈ তেওঁৰ ভৰি চুব লাগে। লগতে তেওঁক বিধি অনুসৰি পূজা কৰিব লাগে। যদি আপুনি এই কামটো কৰিব নোৱাৰে তেন্তে আপোনাৰ ইষ্ট দেৱৰ ছবিখন ঘৰৰ পৰিষ্কাৰ ঠাইত ৰাখক। ইয়াৰ পিছত পৱিত্ৰ আসনত আপোনাৰ গুৰুৰ ছবিখন বহাওক আৰু তেওঁক ফুলেৰে মালা দিয়ক। তেওঁলোকক তিলক আৰু ফল-মূল আগবঢ়াই দিব। ইয়াৰ পিছত আপোনাৰ গুৰুক ধ্যান কৰি তেওঁক পূজা কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|