আপুনি এজন সুৰা প্ৰেমী নেকি? যদি উত্তৰটো হয়, আপোনাৰ বাবে এটা ভাল খবৰ আছে। ধৰি লওক আপুনি আবেলি বন্ধুবৰ্গৰ সৈতে বাহিৰলৈ গৈ চাহ খাব। যদি আপুনি এক কাপ গৰম চাহ খায় আৰু সেই সময়ত আপুনি সুৰাপানৰ দৰেই অনুভৱ কৰে তেন্তে কেনেকুৱা হ'ব আপোনাৰ সন্ধিয়াটো বুজি পাইছেনে? সন্ধিয়া এনেকুৱা এখন দোকান পোৱাৰ পিছত আপোনাৰ মন নিশ্চিতভাৱে তালৈ যাব বিচাৰিব। অৱশ্যে আপুনি নিশ্চিত থাকিব পাৰে যে এই চাহৰ পৰা কোনো নিচা নহয়।
এঢোক চাহত সুৰাৰ সোৱাদ পূৰণ ! চাহ আৰু সুৰাৰ ফ্লেভাৰৰ এই ফিউজন তৈয়াৰ হৈছএ কলকাতাত। আপুনি এই চাহ খাবলৈ কলকাতাৰ বৰ্ধমানৰ বৰনীলপুৰলৈ যাব লাগিব। কেৱল সুৰাৰ সোৱাদ লোৱাই নহয়, লগতে চাহত ফল, ফুল, চকলেটৰ সোৱাদো ল'ব পাৰিব। আৰু দাম ! দাম সকলোৰে সাধ্যৰ ভিতৰতে। গতিকে এই ফিউজন টিৰ সৈতে পৰিচিত হওঁ আহক।
![]()
এই দোকানখনৰ নাম 'কেডি টি বাৰ' (Caddy Tea Bar) । আপুনি ইয়ালৈ আহিলে সকলোধৰণৰ চাহ পাব। দোকানৰ গৰাকী নীলমাধৱ ৰয়ে কয় যে এই চাহ বাৰত ৩০ প্ৰকাৰৰ চাহ উপলব্ধ। চাহৰ বাকচটোক 'কেডি' বুলি কোৱা হয়, সেয়েহে তেওঁ এই বাৰটোৰ নাম 'কেডি টি বাৰ' ৰাখা হৈছে।
![]()
নীলমাধৱ ৰয়ে কয়, 'লকডাউনত কিবা-কিবি পঢ়ি আছিলোঁ। তেতিয়াই দেখিলোঁ যে ভিন্ন ঠাইত ভিন্ন ধৰণৰ চাহহে পোৱা যায়। এটা ঠাইত একধৰণৰ চাহহে পোৱা যায়। ইউৰোপৰ চাহ এটা, থাইলেণ্ডৰ চাহ এটা, পশ্চিম বংগৰ চাহ বেলেগ। চাহ বনোৱাৰ ধৰণ পৃথিৱীৰ সকলো ঠাইতে বেলেগ বেলেগ। তেতিয়া মই ভাবিছিলোঁ যে মই মানুহক বিভিন্ন ঠাইৰ চাহৰ সোৱাদ দিব পাৰোঁ। তাৰ পিছত মই চাহৰ বিষয়ে পঢ়ি লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত এই চাহৰ দোকানখন খুলিলোঁ।'
![]()
নীলমাধৱ ৰয়ে কয়, 'এতিয়া মই বিভিন্ন ফ্লেভাৰৰ চাহ তৈয়াৰ কৰি আছোঁ যেনে আম, লিচ্চি, আনাৰস গোলাপ, বাটাৰ স্কচ। ৰাম, ভদকা, হুইস্কিও ষ্টলত তৈয়াৰ কৰা হয়। কিন্তু সেইটো নিচাযুক্ত নহয়।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|