মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ৰঙা জলকীয়া, নহৰু, ব্ৰকলি খাইনে? এই ১৫ বিধ খাদ্যই বঢ়াব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা! আঁতৰি থাকিব পাৰিব কোৰোণাৰ পৰা!

ৰঙা জলকীয়া, নহৰু, ব্ৰকলি খাইনে? এই ১৫ বিধ খাদ্যই বঢ়াব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা! আঁতৰি থাকিব পাৰিব কোৰোণাৰ পৰা!

News18 Assam | News18-Assam
Updated:April 22, 2021, 3:32 PM IST
ৰঙা জলকীয়া, নহৰু, ব্ৰকলি খাইনে? এই ১৫ বিধ খাদ্যই বঢ়াব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা! আঁতৰি থাকিব পাৰিব কোৰোণাৰ পৰা!
 আপুনি নিজৰ খাদ্যৰ তালিকাত এনে কিছুমান খাদ্য ৰাখক, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰিব।

 আপুনি নিজৰ খাদ্যৰ তালিকাত এনে কিছুমান খাদ্য ৰাখক, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰিব।

  • Share this:
চৰ্দি, ফ্লু আদি অন্যান্য় সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ উপায় বিচাৰি আছে নেকি? তেন্তে আপুনা আপোনাৰ খাদ্যৰ তালিকা সলনি কৰি গ্ৰহণ কৰিব লাগিব কিছুমান বিশেষ আহাৰ। বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোণা ভাইৰাছে। কোৰোণা মহামাৰীৰ পৰা বাছি থাকিবলৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো অত্যন্ত জৰুৰী। এই ১৫ বিধ খাদ্য গ্ৰহণেৰে বৃদ্ধি কৰিব পাৰে নিজৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ৷

১. নেমুজাতীয় ফল -

অধিকাংশ মানুহেই চৰ্দি হোৱাৰ পিছতেই পোনপটীয়াকৈ ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰে। ইয়াৰ কাৰণ হৈছে, ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ভিটামিন চিয়ে শ্বেত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰে বুলি ধাৰণা কৰা হয়। যি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে।  নেমুজাতীয় ফলবোৰৰ ভিতৰত আছে আঙুৰ, কমলা, ক্লেমেণ্টেইন, নেমু আদি ৷

২. ডাঙৰ ৰঙা জলকীয়া -

নেমুজাতীয় ফলবোৰতেই নহয়, ডাঙৰ ৰঙা জলকীয়াতো যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। যি বিটা কেৰোটিনৰ এক সমৃদ্ধ উৎস।

৩. ব্ৰকলি -

ব্ৰকলিত যথেষ্ট পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থৰ থাকে। ভিটামিন এ, চি, আৰু ইৰ লগতে ফাইবাৰ আৰু আন বহু এণ্টিঅক্সিডেণ্টেৰে ভৰা ব্ৰকলি হৈছে আপুনি আপোনাৰ খাদ্যৰ তালিকাত ৰাখিবলগীয়া আটাইতকৈ স্বাস্থ্যকৰ পাচলিবোৰৰ ভিতৰত অন্যতম ।

৪. নহৰু -

পৃথিৱীৰ প্ৰায় প্ৰতিবিধ ৰন্ধন প্ৰণালীতে নহৰু পোৱা যায়। ই খাদ্যত অলপ জিং যোগ দিয়ে আৰু যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি আৱশ্যকীয়।নহৰুৱে ধমনীবোৰ সঠিককৈ ৰাখে আৰু   ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে বুলিও প্ৰমাণ আছে।

৫. আদা -

সংক্ৰমিত ৰোগ প্ৰতিহত কৰাত আদাৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা।

৬. পালেং শাক -
পালেং শাক কেৱল ভিটামিন চিৰে সমৃদ্ধই নহয়, ইয়াত অসংখ্য এণ্টিঅক্সিডেণ্ট আৰু বিটা কেৰোটিন আছে ৷ যি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে সংক্ৰমণৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

৭. দৈ -

দৈয়েও ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰিব পাৰে। মিঠযুক্ত দৈৰ সলনি সাধাৰণ দৈ খাবলৈ চেষ্টা কৰক ৷ দৈ ভিটামিন ডি-ৰ এক উৎকৃষ্ট উৎস ৷

৮. কাঠবাদাম বা এলমণ্ড -

ই এক চৰ্বি-দ্ৰৱণীয় ভিটামিন, যাৰ অৰ্থ হৈছে ইয়াক সঠিকভাৱে শোষণ কৰিবলৈ চৰ্বিৰ উপস্থিতিৰ প্ৰয়োজন। বাদাম যেনে, কাঠবাদাম, ভিটামিনেৰে ভৰ্তি আৰু লগতে ইয়াত স্বাস্থ্যকৰ চৰ্বি থাকে।

৯. সূৰ্যমুখী ফুলৰ বীজ -

সূৰ্যমুখী ফুলৰ বীজবোৰ পুষ্টিৰে পৰিপূৰ্ণ, যাৰ ভিতৰত আছে ফছফৰাছ, মেগনেছিয়াম, আৰু ভিটামিন বি-6 আৰু ই। ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাৰ্য নিয়ন্ত্ৰণ আৰু বাহাল ৰখাত ভিটামিন ই অতি গুৰুত্বপূৰ্ণ।

১০. হালধি -

হালধি অষ্টিওআৰ্থ্ৰাইটিছ আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ চিকিৎসাত anti-inflammatory ট্ৰিটমেণ্ট হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । হালধীয়ে পেশীৰ বিষৰ সমস্যা নিবাৰণৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিতো সহায় কৰে ৷

১১. গ্ৰীণ টি -

সেউজীয়া আৰু ক'লা দুয়োটা চাহ ফ্লেভোনইডেৰে ভৰপূৰ, এক প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট। য'ত সেউজীয়া চাহ সঁচাকৈয়ে এক উৎকৃষ্ট পানীয় ৷ ইয়াৰ এপিগএলটেণ্টচিন গেলেটৰ (ইজিচিজি) স্তৰ আছে, যি আন এক শক্তিশালী এণ্টিঅক্সিডেণ্ট।

১২. অমিতা -
অমিতা হৈছে ভিটামিন চিৰে ভৰপূৰ আন এবিধ ফল। আপুনি এই ফলবিধতে দিনটোৰ বাবে প্ৰয়োজনীয় ভিটামিন চি বিচাৰি পাব। অমিতাত পাপেইন নামৰ এক পাচন এনজাইম থাকে, যাৰ anti-inflammatory প্ৰভাৱ থাকে।

১৩. কিৱি -
অমিতাৰ দৰে কিৱিও প্ৰাকৃতিকভাৱে এক টন অত্যাৱশ্যকীয় পুষ্টিৰে পৰিপূৰ্ণ, যাৰ ভিতৰত আছে ফলেট, পটেছিয়াম, ভিটামিন কে আৰু ভিটামিন চি। ভিটামিন চিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ শ্বেত ৰক্ত কোষবোৰ বৃদ্ধি কৰে, আনহাতে কিৱিৰ অন্যান্য পুষ্টিয়ে আপোনাৰ শৰীৰৰ বাকী অংশ সঠিকভাৱে কাম কৰি থকাত সহায় পৰিব ।

১৪. কুকুৰাৰ মাংস -

যেতিয়া আপুনি অসুস্থ হয় আৰু আপুনি কুকুৰাৰ মাংসৰ চুপ খায়, ইয়ে আপোনাৰ স্বাস্থ্য কিছু সুস্থিৰ ৰখাত সহায় কৰে।

১৫. সাগৰীয় মাছ বা শ্বেলফিছ -

এই সাগৰীয় মাছেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কৰে ৷ কিছুমান সাগৰীয় মাছ জিংকৰেও ভৰপূৰ।
Published by: Himangshu Bhuyan
First published: April 22, 2021, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি