ফিক্সড ডিপ’জিটতকৈ অধিক গাৰাণ্টিড ৰিটাৰ্ণ পাব এইসমূহ স্কীমত, পাব আয়কৰ ৰেহাইও

এইটো সম্পূৰ্ণৰূপে কৰ মুক্ত হোৱাৰ বাবে এনে বিনিয়োগ ফিক্সড ডিপজিততকৈ ভাল।
এইটো সম্পূৰ্ণৰূপে কৰ মুক্ত হোৱাৰ বাবে এনে বিনিয়োগ ফিক্সড ডিপজিততকৈ ভাল।
- News18 Assam
- Last Updated: February 16, 2021, 4:23 PM IST
বৰ্তমান বিনিয়োগ বজাৰত মিউচুৱেল ফাণ্ড, বণ্ড, পি.পি.এফ.ৰ দৰে বহুতো বিনিয়োগ বিকল্প উপলব্ধ যদিও বিনিয়োগকাৰীসকলে এনে বিকল্প বিচাৰিছে দীৰ্ঘসময়লৈকে আকৰ্ষণীয় আয় দিব পাৰে। বিনিয়োগ পৰামৰ্শদাতাসকলৰ মতে নিশ্চিত ৰিটাৰ্ণ পৰিকল্পনা এই ক্ষেত্ৰত বিনিয়োগৰ বাবে ভাল হ'ব পাৰে। এইটো সম্পূৰ্ণৰূপে কৰ মুক্ত হোৱাৰ বাবে এনে বিনিয়োগ ফিক্সড ডিপজিততকৈ ভাল।
গ্যাৰাণ্টিড ৰিটাৰ্ণ প্লানসমূহত বীমা কৰা ধনৰ ১০ গুণলৈ ৰিস্ক ক’ভাৰ হয়। কোনো ব্যক্তিয়ে যদি এই আঁচনিত প্ৰতি বছৰে ১০ লাখ টকা বিনিয়োগ কৰে আৰু কোনো কাৰণত তেওঁৰ মৃত্যু হয়, তেন্তে নমিনিয়ে ২০ লাখ টকা লাভ কৰিব।
অধিকতম চৰকাৰী বেংকত উপলব্ধ দীৰ্ঘকালীন সঞ্চয়ত সূদ ৫.৪ শতাংশ হয়। এই ক্ষেত্ৰত ৩০ শতাংশ কৰ ব্ৰেকেটৰ ভিতৰত থকা বিনিয়োগকাৰীৰ হয়। সেয়েহে গ্যাৰাণ্টিড ৰিটাৰ্ণ প্লানসমূহত বিনিয়োগ কৰা ৰাশিত টেক্স ৰিটাৰ্ণ ৪% তকৈও কম হয়।
বৰ্তমান কিছুসংখ্যক গ্যাৰাণ্টিড ৰিটাৰ্ণ প্লানে ৩০ বছৰীয়া ব্যক্তিৰ কাৰণে ৩০ বছৰৰ পলিচিৰ সৈতে প্ৰতি মাহে ৫,০০০ টকা বিনিয়োগ কৰে। ইয়াৰ ফলস্বৰূপে মেচ্যুৰিটিৰ সময়ত ব্যক্তিজনে প্ৰায় ৫০ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়।
আজিৰ পৰা প্ৰায় ২০ বছৰ আগলৈ পি.পি.এফ.ত বছৰি ১১ৰ পৰা ১২ শতাংশ সূদ পোৱা গৈছিল যদিও বৰ্তমান সময়ত এই হাৰ ৮.৫ শতাংশলৈ হ্ৰাস হয়। আনহাতে ২০২০ চনত ফিক্সড ডিপজিতত এই পৰিমাণ ৫.৪ শতাংশলৈ হ্ৰাস পায়। সামগ্ৰিক সময়ত দেশৰ বিকশিত আৰ্থিক ব্যৱস্থাৰ প্ৰতি লক্ষ ৰাখি পৰৱৰ্তী সময়ত এই দৰ ৩-৫ শতাংশলৈ হ্ৰাস হোৱাৰ আশংকা কৰা হৈছে। সেয়েহে গ্যাৰাণ্টিড ৰিটাৰ্ণ প্লান বিনিয়োগৰ এক সঠিক বিকল্প হিচাপে ল’ব পাৰে।