உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Lord Vishnu Puja: বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ পূজাত পালন কৰক এই সমূহ নিয়ম , সফল হ'ব সকলো মনোবাঞ্চা...

    Lord Vishnu Puja: বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ পূজাত পালন কৰক এই সমূহ নিয়ম , সফল হ'ব সকলো মনোবাঞ্চা...

    সম্পূৰ্ণ বিধিগতভাবে শ্ৰীবিষ্ণুৰ পূজা কৰিলে ধন-সম্পত্তিৰ ওপৰিও বৈবাহিক জীৱন(Marriage Life)লৈ সূখ-শান্তি ঘূৰি আহে।

    সম্পূৰ্ণ বিধিগতভাবে শ্ৰীবিষ্ণুৰ পূজা কৰিলে ধন-সম্পত্তিৰ ওপৰিও বৈবাহিক জীৱন(Marriage Life)লৈ সূখ-শান্তি ঘূৰি আহে।

    সম্পূৰ্ণ বিধিগতভাবে শ্ৰীবিষ্ণুৰ পূজা কৰিলে ধন-সম্পত্তিৰ ওপৰিও বৈবাহিক জীৱন(Marriage Life)লৈ সূখ-শান্তি ঘূৰি আহে।

    • Share this:
    হিন্দু ধৰ্মৰ ৰীতি অনুসৰি বৃহস্পতিবাৰে (Thursday) ভগৱান শ্ৰীবিষ্ণু (Lord Vishnu)ৰ পূজা কৰা হয়। অতীজৰে পৰা বৃহস্পতিবাৰটোক শ্ৰীহৰিৰ আৰাধনা কৰাৰ বাবে শুভ বুলি গণ্য কৰা হয়। কোৱা হয়,পবিত্ৰ মনেৰে তেওঁৰ পুজা কৰাজনৰ সকলো মনোবাঞ্চা ভগৱান বিষ্ণুৱে পূৰণ কৰেই। হিন্দু ধৰ্ম শাস্ত্ৰ মতেও বিষ্ণুৰ পূজা বিধি অনুসৰি কৰিলে জীৱনৰ সকলো সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু পাপো খণ্ডন হয়। তাৰোপৰি যদি আপুনি আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেন্তে ভগৱান বিষ্ণুৰ পূজা কৰিবলৈ লওক। নিয়মিত ভাবে শ্ৰীবিষ্ণুৰ পূজা অৰ্চনা কৰিলে টকা-পইচাৰ লগতে বৈবাহিক জীৱনতো সূখ-শান্তি বৰ্তি থাকে। জানোঁ আহক বৃহস্পতি বাৰে শ্ৰীবিষ্ণুৰ প্ৰতি কৰা ব্ৰতৰ বিধি আৰু নিয়ম সমূহ।

    পূজাৰ বিধি:

    ১.বৃহস্পতি বাৰৰ দিনা ভগৱান বিষ্ণুৰ পূজাৰ শুভাৰম্ভ কৰক -'ওম নমো নাৰায়ণ'- মন্ত্ৰ ফাকিৰ জপেৰে। এই মন্ত্ৰ ফাকী ১০৮বাৰ উচ্চাৰণ কৰিলে ঘৰলৈ সূখ-শান্তি আহে।

    ২.বৃহস্পতিবাৰৰ বিষ্ণু পূজাত গাখীৰ, দৈ আৰু ঘীউৰ ব্যৱহাৰ কৰক।

    ৩.বৃহস্পতিবাৰৰ শ্ৰীবিষ্ণুৰ পূজাত দিনটোত এবাৰহে আহাৰ গ্ৰহণ কৰিব। সেই আহাৰ গাখীৰেৰে প্ৰস্তুত কৰা হ'ব লাগে।

    পূজাৰ নিয়ম:

    ১. এই পূজা একেৰাহে মুঠ ৭টা বৃহস্পতিবাৰে কৰাৰ পাছত ঘৰৰ অসূয়া-অমংগলৰ পৰা মুক্তি পাব।

    ২. এই ব্ৰত সম্পূৰ্ণ বিধিগতভাবে কৰিলে সকলো সূখ প্ৰাপ্তিৰ লগতে পৰিয়ালত সূখ-সমৃদ্ধি বৃদ্ধি পাব।

    ৩. বৃহস্পতিবাৰে চুলি নেকাটিব। কাপোৰ আৰু মূৰ ধোৱা, ঘৰৰ পৰা আবৰ্জনা বাহিৰ কৰা আদিৰ পৰা বিৰত থাকিব।

    ৪. পূজাৰ আগদিনা অৰ্থাৎ বুধবাৰে ঘৰখন পৰিষ্কাৰ কৰিব। সদায় চাফা আৰু শুদ্ধ পৰিবেশতহে পূজা কৰা উচিত।

    ৫. পূজাৰ কৰাৰ দিনা ব্ৰত কৰা সকলে নিমখ নেখাব। হালধীয়া খাদ্যবস্তুৰ পৰা তৈয়াৰী আহাৰ গ্ৰহণ কৰিব।

    ৬. আহাৰ তৈয়াৰ কৰিবলৈ তেলৰ পৰিৱৰ্তে গৰু ঘীউ ব্যৱহাৰ কৰিব। ভগৱানলৈ অৰ্পণ কৰা ফল নিজে নাখাই দান কৰিব।

    ৭. মা লক্ষ্মী আৰু নাৰায়ণৰ পূজা একেলগে কৰিব। কেৱল বিষ্ণু ভগৱানৰ পূজা কৰিলেই নহ'ব, এনে কৰিলে বৈবাহিক জীৱনলৈ অশান্তি আহিব।

    ৮. মানি অহা হৈছে যে, বৃহস্পতিবাৰে কলগছৰ পূজা কৰিলেও মংগল হয়। এনে কৰিলে ভগৱান বহুত প্ৰসন্ন হয়।

    ৯. প্ৰসাদত দিয়া কল শিশুসকলক খাবলৈ দিব লাগে। এনে কৰিলে ঘৰলৈ সূখ-শান্তি অহাৰ লগতে মানসিক অশান্তি দূৰ হয়।

    ১০. পূজাৰ পাছত কেশৰৰ তিলক লগাব লাগে আৰু যিকোনো কামৰ শুভাৰম্ভ কৰিব লাগে। এনে কাম সদায় সফল হয়।

    ১১. যদি আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰিছে তেন্তে সদায় বৃহস্পতিবাৰে ৰাতিপুৱা গা-ধুৱাৰ পাছত তুলসী মাক কেঁচা গাখীৰ অৰ্পণ কৰক। এনে কৰিলে আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে সম্বন্ধৰ বান্ধোন শক্তিশালী হয়।
    (Disclaimer: এই প্ৰবন্ধত উল্লেখিত তথ্য সমূহ সাধাৰণ তথ্যৰ ওপৰত নিৰ্ধাৰিত। নিউজ১৮ অসম নৰ্থইষ্ট ইয়াৰ বাবে জগৰীয়া নহয়।)
    Published by:Manjumoni Borah
    First published: