PAN-Aadhaar Linking : মাত্ৰ ৫ মিনিটতে লিংক কৰক পেন আৰু আধাৰ, চাওক কিদৰে কৰিব

পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে।
পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে।
- News18 Assam
- Last Updated: April 8, 2021, 9:16 AM IST
লিংক নকৰিলে অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড -
আয়কৰ বিভাগৰ মতে, যদি পেন কাৰ্ডৰ ধাৰকসকলে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আধাৰৰ সৈতে পেন লিংক নকৰে তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় কৰা হ'ব।
ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক। উদাহৰণস্বৰূপে, UIDPAN 111122223333 AAAPA9999Q .
পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ অনলাইন প্ৰক্ৰিয়া -
১. আপুনি আয়কৰ বিভাগৰ Website - https://www.incometaxindiaefiling.gov.in/home যাওক।
৩. এতিয়া পেন, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক।
৪. তাৰ পিছত Captcha কোড প্ৰবিষ্ট কৰক আৰু লিংক আধাৰত ক্লিক কৰক।
৫. এটা নিশ্চিতকৰণ পৃষ্ঠা খুলিব য'ত দেখুৱাব যে পেন সফলতাৰে আধাৰৰ সৈতে লিংক কৰা হৈছে ।
আপুনি NSDL বা UTIITSL ৰ সেৱা কেন্দ্ৰ লৈ গৈও লিংক কৰিব পাৰে -
পেন সেৱা প্ৰদানকাৰী, NSDL বা UTIITSL ৰ সেৱা কেন্দ্ৰলৈ গৈও পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। ইয়াৰ বাবে প্ৰপত্ৰ Annexure-I পূৰণ কৰিব লাগিব আৰু পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ প্ৰতিলিপিৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়াত এটা নিৰ্দিষ্ট মাচুল পৰিশোধ কৰিব লাগিব আপুনি।