• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৩ মাহৰ বাবে আন বেংকৰ ATMৰ পৰা টকা উলিয়ালে দিব নালাগে চাৰ্জ : ঘোষণা বিত্ত মন্ত্ৰীৰ

৩ মাহৰ বাবে আন বেংকৰ ATMৰ পৰা টকা উলিয়ালে দিব নালাগে চাৰ্জ : ঘোষণা বিত্ত মন্ত্ৰীৰ

আধাৰ–পেন লিংক কৰাৰ সময়সীমাও বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আধাৰ–পেন লিংক কৰাৰ সময়সীমাও বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আধাৰ–পেন লিংক কৰাৰ সময়সীমাও বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
কোৰোণা ভাইৰাছৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ বাবে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০১৮০১৯ বিত্তীয় বৰ্ষৰ বাবে ইনকাম টেক্স ৰিটাৰ্ণৰ ডেডলাইন ২০২০ চনৰ ৩০ জুনলৈ বৃদ্ধি কৰিছে। ইয়াৰ লগতে ৩০ জুনলৈ ডিলেড পে’মেণ্টৰ সুদৰ হাৰ ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৯ শতাংশ কৰা হৈছে। লগতে টিডিএছৰ ডিপ’জিতৰ বাবে সুদৰ হাৰ ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ৯ শতাংশ কৰা হৈছে। টিডিএছ ফাইলিঙৰ অন্তিম তাৰিখ হ’ব ২০২০ চনৰ ৩০ জুন। এক সংবাদ মেলত এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

আধাৰ–পেন লিংক কৰাৰ সময়সীমাও বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই ডেডলাইন ৩১ মাৰ্চৰ পৰা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, জিএছটি ৰিটাৰ্ণ ফাইল কৰাৰ তাৰিখো ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। ৫ কোটি টকাপৰ্যন্ত টাৰ্ণঅভাৰৰ ব্যৱসায়ীসকলে লেট ফিজ দিব নালাগে। ৫ কোটিৰ অধিক টাৰ্ণঅভাৰত দিব লাগিব ৯ শতাংশ লেট ফিজ।

আনহাতে, নিৰ্মলা সীতাৰমনে কয় যে ৩ মাহলৈ ডেবিট কাৰ্ডেৰে আন বেংকৰ এটিএমৰ পৰা পইচা উলিয়ালে দিব নালাগে কোনো চাৰ্জ। বেংকৰ একাউণ্টত ন্যূনতম বেলেঞ্চ ৰখা বাধ্যতামূলক নহ’ব। ন্যূনতম ধনৰাশি নাথাকিলে ভৰিবলগীয়া জৰিমনা ৰেহাই দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published: