১৩ জানুৱাৰীত ভাৰতত আৰম্ভ হ’ব পাৰে কোৰোণা ভাইৰাছৰ প্ৰথম টীকাকৰণ, জানক আপুনি কেনেকৈ পঞ্জীয়ন কৰিব?

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে দেশত সকলোকে ফ্ৰীত কোৰোণাৰ ভেকচিন লগোৱা হ’ব।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে দেশত সকলোকে ফ্ৰীত কোৰোণাৰ ভেকচিন লগোৱা হ’ব।
- News18 Assam
- Last Updated: January 5, 2021, 8:08 PM IST
মুখ্য সচিবে কয় যে ক’ৱিন প্লেটফ’ৰ্ম (CoWin Platform) আমি ভাৰতত প্ৰস্তুত কৰিছো কিন্তু এইটো বিশ্বৰ কাৰণে হয়, যিখন দেশেই ইয়াৰ ব্যৱহাৰ কৰিব বিচাৰিব ভাৰত চৰকাৰে ইয়াত তেওঁলোকৰ সহায় কৰিব। ভূষণে কয় যে হেলথ ৱৰ্কাৰ আৰু ফ্ৰণ্ট লাইন ৱৰ্কাৰে ক’ৱিন প্লেটফ’ৰ্মত (ভেকচিনেচনৰ কাৰণে) নিজৰ পঞ্জীকৰণ কৰোৱাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ডাটা আগতেই ৰেক’ৰ্ড কৰা হৈছে। তেওঁ কয় যে, কাৰনাল, মুম্বাই, চেন্নাই আৰু কলকাতা স্থিত GMSD নামৰ ৪ প্ৰাথমিক ভেকচিন ষ্ট’ৰ আছে আৰু দেশত ৩৭খন ভেকচিন ষ্ট’ৰ আছে। তেওঁলোকে পাইকাৰীভাৱে টীকা সংগ্ৰহ কৰি আগলৈ বিতৰণ কৰে।
স্বাস্থ্য সচিবে কয় যে ষ্ট’ৰ কৰা টীকাৰ সংখ্যা আৰু তাপমান ট্ৰেকাৰ সহিত সুবিধাৰ ডিজিটেল পৰ্যৱেক্ষণ কৰা হয়। আমাৰ দেশত এইটো সুবিধা এক দশকৰো অধিক কাল আছে।
উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড–১৯ৰ ভেকচিন বিতৰণৰ তত্বাৱধান, ডাটা সংৰক্ষণ আৰু মানুহক ভেকচিন লগোৱাৰ পঞ্জীকৰণৰ কাৰণে ক’ৱিন (Co-WIN App) নামৰ এটা এপ বনাইছে। দেশৰ নাগৰিকসকল যি হেলথ ৱৰ্কাৰ্ছ নহয় তেওঁলোকক কভাক্সিন লগাবলৈ CoWIN এপটো গুগল প্লে ষ্ট’ৰ বা এপল ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত এপটোৰ জৰিয়তে পঞ্জীকৰণ মডুলেৰে মানুহে কোৰোণাৰ ভেকচিনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।