• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Vamika: কোহলী–অনুষ্কাৰ কন্যাৰ প্ৰথম ফটো পোহৰলৈ, দেখাত ঠিক পিতৃৰ দৰেই ভামিকা!

Vamika: কোহলী–অনুষ্কাৰ কন্যাৰ প্ৰথম ফটো পোহৰলৈ, দেখাত ঠিক পিতৃৰ দৰেই ভামিকা!

ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূৰ্বে বিৰাট–অনুষ্কাক দেখা গৈছিল মুম্বাই বিমানবন্দৰত। অনুষ্কাৰ কোলাত আছিল কণমানি ভামিকা।

  • Share this:
এতিয়ালৈ নিজৰ কন্যাৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰা নাই বিৰাট–অনুষ্কাই। বিৰাট কোহলীয়ে স্পষ্টকৈ জনাইছে, বৰ্তমান কন্যা ভামিকাৰ ফটো তেওঁ বা পত্নী অনুষ্কাই ছচিয়েল মিডিয়াত পোষ্ট নকৰে। অৰ্থাৎ অুৰাগীসকলে কোনোপধ্যে দেখা নাপাব ভামিকাক, যেতিয়ালৈ ভামিকাই নিজেই ছচিয়েল মিডিয়া কি বুজা হৈ নুঠিব।

কোহলী বৰ্তমান ICC World Test Championship Finalৰ প্ৰস্তুতিত ব্যস্ত। পত্নী অনুষ্কাক লৈ ইতিমধ্যে উপস্থিত হৈছে ইংলেণ্ডত। ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূৰ্বে বিৰাট–অনুষ্কাক দেখা গৈছিল মুম্বাই বিমানবন্দৰত। অনুষ্কাৰ কোলাত আছিল কণমানি ভামিকা। আৰু মুহূৰ্তৰ বাবে দেখা যায় ভামিকাক।

ভৰিৰ পৰা মূৰলৈ ঢাকি থোৱাৰ মাজতে ক্ষন্তেক সময়ৰ বাবে দেখা গৈছিল ভামিকাৰ মুখখন। আৰু তাৰ পিছতে বিভিন্নজনৰ মন্তব্য, কণমানি কোহলীৰ সৈতে মিল আছে ভামিকাৰ।

ইতিমধ্যে কোহলীৰ সৰু কালৰ এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কণমানি বিৰাটৰ সৈতে কন্যা ভামিকাৰ মুখৰ মিল আছে বুলি মন্তব্য কৰিছে বহুতেই।
Published by:Sanjay Kumar Das
First published: