১ জুনৰ পৰা সলনি হ’ল এই ৭টা প্ৰয়োজনীয় বস্তু, প্ৰভাৱ পৰিব আপোনাৰ ওপৰতো

১ জুনৰ পৰা আপোনাৰ জীৱনত কেইবাটাও বৃহৎ পৰিৱৰ্তন হ’ল যিয়ে আপোনাৰ জীৱনত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। এই পৰিৱৰ্তন বেংক, পেট্ৰ’ল, ৰন্ধন গেছ আৰু দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত হৈ আছে।

Dulu Medhi | news18assam
Updated:June 3, 2019, 8:59 AM IST
১ জুনৰ পৰা সলনি হ’ল এই ৭টা প্ৰয়োজনীয় বস্তু, প্ৰভাৱ পৰিব আপোনাৰ ওপৰতো
১ জুনৰ পৰা আপোনাৰ জীৱনত কেইবাটাও বৃহৎ পৰিৱৰ্তন হ’ল যিয়ে আপোনাৰ জীৱনত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। এই পৰিৱৰ্তন বেংক, পেট্ৰ’ল, ৰন্ধন গেছ আৰু দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত হৈ আছে।
Dulu Medhi | news18assam
Updated: June 3, 2019, 8:59 AM IST
১ জুনৰ পৰা আপোনাৰ জীৱনত কেইবাটাও বৃহৎ পৰিৱৰ্তন হ’ল যিয়ে আপোনাৰ জীৱনত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। এই পৰিৱৰ্তন বেংক, পেট্ৰ’ল, ৰন্ধন গেছ আৰু দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত হৈ আছে। RBIৰ অনলাইন ধন লেন–দেনৰ সৈতে জড়িত নতুন নিয়ম বলবৎ হ’ব। লগতে ৰন্ধন গেছৰ মূল্যও নিশ্চিত হ’ব আৰু RBIৰ ক্ৰেডিট পলিচি আৰম্ভ হ’ব। সুতৰ হাৰ নিৰ্ধাৰণ হ’ব। সুতৰ হাৰ হ্ৰাস হোৱাৰ সম্ভাৱনা। জানো আহক ১ জুনৰ পৰা সলনি হোৱা ৭ বিধ বস্তু।

১. ধনৰ লেন–দেনৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম– ১ জুনৰ পৰা RTGSৰ লেন–দেনৰ সময় হ’ব সন্ধিয়া ৬ বজালৈ। RTGSৰ লেন–দেন (প্ৰথমিক কাট–অফ)ৰ সময় ৪.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান RTGSত লেন–দেন পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ আৰু শনিবাৰে ৯টাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ।



RTGSৰ জৰিয়তে প্ৰায় ২ লাখ টকা পঠোৱা হয়। অধিক ধন পঠোৱাৰ ক্ষেত্ৰত কোনো সীমা নাই। RBIৰ তথ্য অনুসৰি, ২০১৯ৰ এপ্ৰিলত RTGSৰ জৰিয়তে ১১২ লাখ কোটি টকাৰ লেন–দেন কৰা হৈছিল।

২. ৰন্ধন গেছৰ মূল্য বৃদ্ধি– জুনৰ আৰম্ভণিতে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ। ৰন্ধন গেছৰ মূল্য পুনৰ হ’ল বৃদ্ধি। ৰাজসাহাৰ্যবিহীন ঘৰুৱা LPG চিলিণ্ডাৰ মূল্য ১ জুনৰ পৰা ২৫ টকাকৈ বৃদ্ধি হ’ল। ৰাজসাহাৰ্যযুক্ত চিলিণ্ডাৰৰ মূল্যও ১.২৩ টকালৈ বৃদ্ধি হ’ল।



৩. কেৰেলাত বলবৎ হ’ব আপদকালীন টেক্স– ভয়ংকৰ বানপানীৰ বাবে যোৱা বছৰ কেৰেলাৰ বিভিন্ন অঞ্চল প্ৰভাৱিত হৈছিল। ৰাজ্যৰ পুনঃনিৰ্মাণৰ বাবে ৰাজ্য কৰ বিভাগে ১ জুনৰ পৰা ১ শতাংশ অতিৰিক্ত কৰ আদায় কৰিব। এই টেক্স ৫ শতাংশতকৈ অদিক GST শ্লেব থকা বস্তুত লগোৱা হ’ব।

৪. EMI হ্ৰাস হোৱা সম্ভাৱনা– ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া (RBI)ৰ তৰফৰ পৰা সুতৰ হাৰ হ্ৰাস কৰাৰ ঘোষণা কৰাৰ সম্ভৱনা। ২০১৯ৰ ৬ জুনত আৰ বি আইৰ দ্বিপক্ষীয় নীতি ঘোষণা কৰা হ’ব। সুতৰ হ্ৰাস হ’লে সাধাৰণ জনতাই কম সুতত লোণ গ্ৰহণ কৰিব পাৰিব।



৫. আৰ্মী কেনটিনৰ পৰা গাড়ী ক্ৰয় কৰাটো ব্যয়বহুল– যদি আপুনি কেণ্টিনৰ পৰা গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ১ জুনৰ পৰা অধিক ধন ব্যয় কৰিব লাগিব। আচলতে, বাহনত CSD কেণ্টিনৰ খৰচ হ্ৰাস কৰাবলৈ সেনাই নতুন নিয়ম গ্ৰহণ কৰিছে, ইয়াৰ দ্বাৰা সেনা বিষয়াই ১২ লাখ টকাৰ বাহন (GST গুচাই) কেণ্টিনৰ পৰা ক্ৰয় কৰিব পাৰিব।



নতুন নিয়মানুসৰি বিষয়াই প্ৰতি ৪ বছৰত এবাৰেই গাড়ী ক্ৰয় কৰিব পাৰিব আৰু ক্ৰয় কৰা গাড়ীৰ ইঞ্জিনৰ ক্ষমতা ২৫০০ CCতকৈ অধিক হ’ব নোৱাৰিব।

৬. বাছত থাকিব পেনিক বাটন(Panic button)– মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি চৰকাৰে বাছত পেনিক বাটন লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। DTC আৰু ক্লাষ্টাৰ স্কীমৰ বাছসমূহত পেনিক বাটন লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।



৭. হেলমেট নোহোৱাকৈ নাপাব পেট্ৰ’ল– হেলমেটবিহীন আৰোহীয়ে দুচকীয়া বাহনত ভৰাব নোৱাৰিব পেট্ৰ’ল। ১ জুনৰ পৰা বলবৎ হৈছে এই নতুন নিয়ম। এই নিয়ম কেৱল উত্তৰ প্ৰদেশৰ নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ বাবে ধাৰ্য কৰা হৈছে। পথ সুৰক্ষাৰ প্ৰতি সচেনতা অনাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি