১ডিচেম্বৰৰ পৰা সাধাৰণ ৰাইজৰ জীৱনত এইকেইটা পৰিৱৰ্তন, নাজানিলে হ’ব লোকচান

News18 Assam | News18-Assam
Updated:November 30, 2019, 9:29 AM IST
১ডিচেম্বৰৰ পৰা সাধাৰণ ৰাইজৰ জীৱনত এইকেইটা পৰিৱৰ্তন, নাজানিলে হ’ব লোকচান
বীমাৰ পৰা ম’বাইল ফোনলৈ মুঠ চাৰিটা ডাঙৰ পৰিৱৰ্তন আহি আছে।

বীমাৰ পৰা ম’বাইল ফোনলৈ মুঠ চাৰিটা ডাঙৰ পৰিৱৰ্তন আহি আছে।

  • Share this:
১ডিচেম্বৰৰ পৰা কেইবাটাও এনে পৰিৱৰ্তন হ’বলৈ গৈ আছে যি আপোনাৰ পকেটত পোনে পোনে প্ৰভাৱ পেলাব। দৰাচলকে ডিচেম্বৰত বহুকেইটা বিত্তীয় পৰিৱৰ্তন হ’বলৈ গৈ আছে যিসমূহ আপুনি জনাটো প্ৰয়োজন।

ইয়াৰ ভিতৰত LIC, প্ৰধানমন্ত্ৰী–কিষাণ সম্মান নিধি আঁচনি, ম’বাইল টেৰিফৰ সৈতে জৰিত কেইবাটাও বিষয় আছে। আপোনাক জনাও যে ১ডিচেম্বৰৰ পৰা কি কি সলনি হ’বলৈ গৈ আছে।

১) ৬০০০টকা পাবলৈ আধাৰ লিংক কৰাটো জৰুৰী–মোদী চৰকাৰে পিএম–কিষাণ সম্মান নিধি স্কীমৰ ধন পাবলৈ আধাৰ নম্বৰ লিংক কৰাৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ ধাৰ্য কৰিছে। যদিহে কোনোবাই এই লিংক কৰোৱাত পলম কৰে তেনেহ’লে তেওঁৰ একাউণ্টত ৬০০০টকা নোসোমায়। অৱশ্যে জম্মু–কাশ্মীৰ, লাডাখ, অসম আৰু মেঘালয়ৰ কৃষকক ৩১ মাৰ্চ, ২০২০লৈ এই সুযোগ দিয়া হৈছে।

২) ম’বাইলত কথা পতাটো হৈ পৰিব পাৰে মহঙা–এই বছৰৰ শেষৰটো মাহৰ প্ৰথম তাৰিখৰ পৰা সাধাৰণ মানুহৰ জেপত বোজা বাঢ়ি যাব পাৰে। ১ডিচেম্বৰৰ পৰা ম’বাইল ফোন উপভোক্তাৰ কাৰণে কলিং (Vodafone, Idea, Airtel to increase tariffs 1 December)ৰ লগতে ইণ্টাৰনেটৰ ব্যৱহাৰো মহঙা হৈ পৰিব। অৰ্থ পৰিষ্কাৰ যে, টেলিকম কোম্পানীসমূহে দাম বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে।  ১৪বছৰৰ পুৰণি এডজাষ্টেড গ্ৰচ ৰেভিনিউ (এজিআৰ)ৰ বিবাদৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত টেলিকম কোম্পানীসমূহৰ ওপৰত লেন দেন কৰোতাসকলৰ চাপ বৃদ্ধি পাইছে। সেইকাৰণে কোম্পানীসমূহে টেৰিফ প্লেন বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে।

৩) বীমাৰ নিয়মসমূহৰ পৰিৱৰ্তন- ডিচেম্বৰ পৰা জীৱন বীমাৰ বহুকেইটা নিয়ম সলনি হ’বলৈ গৈ আছে। যদি আপুনি নতুন পলিচী ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে তেনেহ’লে কিছু অপেক্ষা কৰিব লাগিব। ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অথ’ৰিটী অৱ ইণ্ডিয়া (IRDAI)–ই ১ডিচেম্বৰৰ পৰা জীৱন বীমা ক্ষেত্ৰৰ কাৰণে নতুন নিয়ম বলৱৎ কৰিবলৈ গৈ আছে। কোৱা হৈছে যে, নতুন নিয়মৰ অধীনত প্ৰীমিয়াম অলপ মহঙা হ’ব আৰু গাৰাণ্টীড ৰিটাৰ্ণ কিছু হ্ৰাস পাব। আইডিবিআই ফেডাৰেল লাইফ ইন্সুৰেঞ্চৰ চিএমঅ’ কাৰ্তিক ৰমনৰ মতে, যদিহে প্ৰীমিয়াম অলপ বৃদ্ধি পায় তেনেহ’লে গ্ৰাহকসকলে অলপ বেছি ফীচাৰ্ছৰ সুবিধা লাভ কৰিব।

৪) LIC প্লেন আৰু প্ৰপ’জেল ফৰ্মত ডাঙৰ পৰিৱৰ্তন–লাইফ ইন্সুৰেঞ্চ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (এলআইচি)–এ ১ডিচেম্বৰ, ২০১৯ৰ পৰা নিজৰ প্লেন আৰু প্ৰপ’জেল ফৰ্মত বৃহৎ পৰিৱৰ্তন আনিবলৈ গৈ আছে। ইন্সুৰেঞ্চ ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়াৰ নতুন গাইডলাইন্স বলৱৎ হোৱাৰ পিছত এলআইচিৰ নতুন প্ৰপ’জেল ফৰ্ম এতিয়া আগতকৈ বেছি দীঘল আৰু সামগ্ৰিক হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি