உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • অতিশীঘ্ৰে সস্তা হৈ পৰিব পেট্ৰ'ল-ডিজেল ! কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে লৈছে এইটো সিদ্ধান্ত!

    অতিশীঘ্ৰে সস্তা হৈ পৰিব পেট্ৰ'ল-ডিজেল ! কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে লৈছে এইটো সিদ্ধান্ত!

    Source-Google

    Source-Google

    অতিশীঘ্ৰে বিত্ত মন্ত্ৰালয়ে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত ল'ব পাৰে। এই সম্পৰ্কত ইতিমধ্যে মন্ত্ৰালয়ে ৰাজ্য আৰু তেল কোম্পানীসমূহৰ সৈতে আলোচনা অব্যাহত ৰাখিছে লগতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যত স্থিৰতাৰ দিশটোলৈও অপেক্ষা কৰি আছে কেন্দ্ৰই।

    • Share this:
    পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ মাজতে এতিয়া বিত্ত মন্ত্ৰালয়ে আবকাৰী শুল্ক হ্ৰাস কৰা বিকল্পৰ ওপৰত বিবেচনা কৰি আছে। যাৰ দ্বাৰা সাধাৰণ মানুহে এই অত্যাধিক মূল্যৰ পৰা তাৎক্ষণিক সকাহ লাভ কৰিব। সংবাদ সংস্থা ৰয়টাৰে এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।

    বিগত ১০ মাহত অশোধিত তেলৰ মূল্য দুগুণ হোৱাৰ ফলত ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। সাধাৰণ ৰাইজে পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্যত প্ৰায় ৬০ শতাংশ কৰ আৰু শুল্ক পৰিশোধ কৰিবলগীয়া হৈছে । যিহেতু কোৰোণা মহামাৰীৰেও অৰ্থনৈতিক কাৰ্যকলাপ গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে।

    বিগত ১২ মাহত মোদী চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত দুবাৰকৈ মূল্য বৃদ্ধি কৰিছে। এনেদৰে আনকি যেতিয়া আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্য ন্যূনতম ৰেকৰ্ড স্তৰত আছিল। তেতিয়াও সাধাৰণ ৰাইজে পেট্ৰ'ল-ডিজেলৰ ওপৰত সকাহ লাভ কৰা নাছিল ।

    মাৰ্চৰ মাজভাগলৈ সিদ্ধান্ত ল'ব পাৰে কেন্দ্ৰই -

    এনে অভাৱনীয় মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰালয়ে এতিয়া কৰ হ্ৰাস কৰা সম্পৰ্কত বিবেচনা কৰিবলৈ বিভিন্ন ৰাজ্য, তেল কোম্পানী আৰু তেল মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে । সূত্ৰৰ মতে কেন্দ্ৰই এইটোও চাব লাগিব যে, কৰ হ্ৰাস কৰাৰ দ্বাৰা ইয়াৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ নপৰে যাতে । "আমি দাম কেনেদৰে স্থিৰ ৰাখিব লাগে সেই বিষয়ে আলোচনা কৰি আছো । মাৰ্চৰ মাজভাগলৈ, ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।"

    লগতে সূত্ৰই অৱগত কৰে চৰকাৰে কৰ হ্ৰাস হোৱাৰ পূৰ্বে তেলৰ মূল্য স্থিৰ হোৱাটো বিচাৰিছে । কেন্দ্ৰই পুনৰ এবাৰ কৰ গাঁথনিত কোনো ডাঙৰ পৰিৱৰ্তন কৰিব নিবিচাৰে । যদিও ইফালে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই আছে।

    একাংশ ৰাজ্যই হ্ৰাস কৰিছে কৰৰ হাৰ -

    শেহতীয়াকৈ, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল, "মই ক'ব নোৱাৰো যে ইন্ধনৰ ওপৰত কৰ কিমান দিন হ্ৰাস কৰা হ'ব, কিন্তু কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সৈতে একেলগ হৈ ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিব লাগিব।" অৱশ্যে, বৰ্ধিত মূল্যৰ মাজতে একাংশ ৰাজ্যই তেওঁলোকৰ স্তৰত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰিছে ।

    অ পি ই চি(OPEC)ৰ বৈঠকৰ পৰা আশা কৰা হৈছে -

    আন সূত্ৰৰ মতে, ইন্ধনৰ ওপৰত কৰৰ সিদ্ধান্ত অ পি ই চি(OPEC)ৰ আৰু অন্যান্য তেল উৎপাদনকাৰী দেশসমূহৰ মাজত বৈঠকৰ পাচতহে লোৱা হ'ব । চলিত সপ্তাহৰ ভিতৰতে এই বৈঠক নিৰ্ধাৰিত কৰা হৈছে। আশা কৰা হৈছে যে অ পি ই চি(OPEC)য়ে তেলৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত ল'ব। লগতে আশা কৰা হৈছে তেওঁলোকৰ সিদ্ধান্তৰ পাচতে মূল্যত স্থিৰতা দেখা পোৱা যাব। ভাৰতে অ পি ই চি(OPEC) প্লাচ দেশসমূহক তেল উৎপাদন বৃদ্ধি কৰিবলৈ আবেদন জনাইছে। দৰাচলতে, ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে এছিয়াৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিতো মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে ।

    ইন্ধনৰ ওপৰত আৰোপ কৰা কৰৰ পৰা চৰকাৰে কিমান উপাৰ্জন কৰে ?

    পেট্ৰ'লিয়াম খণ্ডৰ পৰা ২০২০ৰ মাৰ্চত অন্ত পৰা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ প্ৰায় ৫.৫৬ লাখ কোটি টকা আহিছে । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা ডিচেম্বৰ ২০২০ত কেন্দ্ৰীয় আৰু ৰাজ্যলৈ এই খণ্ডৰ পৰা ৪.২১ লাখ টকা ৰাজহ আহিছে । এই ৪.২১ লাখ কোটি টকা তেতিয়া আহিছে যেতিয়া কোভিদ-১৯ৰ বাবে ইন্ধনৰ চাহিদা নিম্নতম ৰেকৰ্ড স্তৰত উপনীত হৈছিল ।
    First published: