• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • শকত হোৱা বাবে ভাঙিছিল বিয়া, পিছত যুৱতীয়ে যি কৰিলে দেখি হতভম্ব সকলো

শকত হোৱা বাবে ভাঙিছিল বিয়া, পিছত যুৱতীয়ে যি কৰিলে দেখি হতভম্ব সকলো

Photo : Instagram

Photo : Instagram

ব্ৰেকআপৰ কথাটোৱে জেনৰ জীৱনত বহু প্ৰভাৱ পেলালে। যদিও কাৰো আগত কোৱা নাছিল তথাপি নিজে হতাশ হৈ পৰিছিল। কিন্তু ভাগি পৰা নাছিল যুৱতীগৰাকী।

  • Share this:
প্ৰায় তিনি বছৰ পূৰ্বে জেন এটকিন নামৰ এগৰাকী যুৱতীৰ সম্পৰ্ক ভাঙিছিল কেৱল শকত হোৱা বাবে। দৰাপক্ষই কৈছিল যে অধিক জাংক ফুড খোৱা বাবে জেন বেছি শকত হৈছে আৰু তাৰ পিছতে যুৱতীগৰাকীৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছিল পৰিয়ালটোৱে। কিন্তু এই কথাক লৈ হতাশ হোৱা নাছিল জেন। তাৰ পিছত জেনে যি কৰিলে সেয়া দেখি হতভম্ব হৈ পৰিল সকলো।

ব্ৰেকআপৰ কথাটোৱে জেনৰ জীৱনত বহু প্ৰভাৱ পেলালে। যদিও কাৰো আগত কোৱা নাছিল তথাপি নিজে হতাশ হৈ পৰিছিল। কিন্তু ভাগি পৰা নাছিল যুৱতীগৰাকী। নিজকে প্ৰমাণ কৰিবলৈ সিদ্ধান্ত ল’লে যুৱতীগৰাকীয়ে। জেনৰ এই সিদ্ধান্তই জীৱনৰ পথ সলাই দিয়াৰ লগতে উচিত প্ৰত্যুত্তৰ দিলে সম্পৰ্ক শেষ কৰা পৰিয়ালটোকো।

বিচ্ছেদ হোৱাৰ পিছত জেনে নিজকে ফিট কৰিবলৈ উঠিপৰি লাগিল। বহুত কম সময়ৰ ভিতৰতে সফল হ’ল জেন। ইমানেই নহয়, সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ জেনে আঁজুৰি আনিলে মিছ গ্ৰেট ব্ৰিটেইন খিতাপ। এভিয়েচন এডমিনিষ্ট্ৰেটৰৰ কাম কৰা ২৬ বছৰীয়া জেন ব্ৰিটেইনৰ উলছবীৰ বাসিন্দা।



দুবছৰৰ ভিতৰতে জেনে নিজকে সম্পূৰ্ণ ফিট কৰি তুলিলে। জেনে প্ৰথমে Miss Scunthorpeৰ খিতাপ দখল কৰে। তাৰ পিছত ২০১৮ চনত মিছ ইংলেণ্ড প্ৰতিযোগিতাত অংশ লৈ ৰানাৰ্ছআপ হয়। তাৰ পিছত পুনৰ গ্ৰেট ব্ৰিটেইন প্ৰতিযোগিতাত অংশ লৈ আঁজুৰি আনে মিছ গ্ৰেট ব্ৰিটেইন খিতাপ।
Published by:Sanjay Kumar Das
First published: