Blood Pressure: বয়স, জাতি, চিকিৎসা ইতিহাস, আৰু পৰিয়ালৰ ইতিহাসকে ধৰি কেইবাটাও কাৰকে উচ্চ ৰক্তচাপৰ সংযোগক প্ৰভাৱিত কৰিব পাৰে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি কৰিবালগা কেইটামান কাম উল্লেখ কৰা হ’ল।
Blood Pressure: বয়স, জাতি, চিকিৎসা ইতিহাস, আৰু পৰিয়ালৰ ইতিহাসকে ধৰি কেইবাটাও কাৰকে উচ্চ ৰক্তচাপৰ সংযোগক প্ৰভাৱিত কৰিব পাৰে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি কৰিবালগা কেইটামান কাম উল্লেখ কৰা হ’ল।
নিম্ন ৰক্তচাপ (Low Blood Pressure) হ'লে শৰীৰ ভাগৰুৱা আৰু মূৰ ঘূৰোৱাৰ অনুভৱ কৰিব পাৰে যদিও ৰক্তচাপ বিপদজনকভাৱে উচ্চ হ’লেও হাইপাৰটেনচনৰ কোনো লক্ষণ দেখা নাযায়। গতিকে নিয়মীয়াকৈ ৰক্তচাপ (Blood Pressure) পৰীক্ষা কৰাটো জৰুৰী।
বয়স, জাতি, চিকিৎসা ইতিহাস, আৰু পৰিয়ালৰ ইতিহাসকে ধৰি কেইবাটাও কাৰকে উচ্চ ৰক্তচাপ (High Blood Pressure)ৰ সংযোগক প্ৰভাৱিত কৰিব পাৰে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি কৰিবালগা কেইটামান কাম উল্লেখ কৰা হ’ল:
১/ অতিৰিক্ত ওজন কমাওক
ওজন বৃদ্ধি (Weight Gain)ৰ লগে লগে ৰক্তচাপ প্ৰায়ে বৃদ্ধি পায়, সেয়েহে সেই অতিৰিক্ত কিলো কমাটো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে জীৱনশৈলীৰ অন্যতম ফলপ্ৰসূ পৰিৱৰ্তন। অতিৰিক্ত ওজনৰ বাবে শুই থকাৰ সময়ত উশাহ-নিশাহত ব্যাঘাত জন্মিব পাৰে যাক স্লিপ এপনিয়া বুলিও কোৱা হয়, যিয়ে আপোনাৰ ৰক্তচাপ আৰু বৃদ্ধি কৰে।
২/ স্বাস্থ্যসন্মত খাদ্য
যিকোনো চিকিৎসাজনিত সমস্যা আমি খোৱা খাদ্যৰ সৈতে জড়িত, উচ্চ ৰক্তচাপৰ সৈতেও একপ্ৰকাৰ জড়িত। গোটা শস্য, ফল-মূল, শাক-পাচলি আৰু কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰীৰে সমৃদ্ধ খাদ্য অনুসৰণ কৰিলে, যাক ডায়েটাৰী এপ্ৰ’চ টু ষ্টপ হাইপাৰটেনচন (DASH) বুলি কোৱা হয়, ই আপোনাৰ ৰক্তচাপ ১১ mmHg পৰ্যন্ত হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৩/ ছডিয়াম কমাই দিব লাগে
আপুনি জানেনে ছডিয়ামৰ পৰিমাণ সামান্য হ্ৰাস কৰিলে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব পাৰে? মেয়’ ক্লিনিকৰ এক প্ৰতিবেদন অনুসৰি যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেন্তে ছডিয়াম কমালে প্ৰায় ৫ৰ পৰা ৬ mmHg হ্ৰাস পাব। ৰক্তচাপৰ ওপৰত নিমখ সেৱনৰ প্ৰভাৱ মানুহ অনুযায়ী বেলেগ বেলেগ। যদি আপোনাৰ বি পি বেছি হয় তেন্তে ছডিয়াম হ্ৰাস কৰাৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
৪/ নিয়মিত ব্যায়াম কৰা
নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰিলে আপোনাৰ ৰক্তচাপ কমিব পাৰে। সামঞ্জস্যপূৰ্ণ হোৱাটো গুৰুত্বপূৰ্ণ কাৰণ ব্যায়াম বন্ধ কৰিলে ৰক্তচাপ পুনৰ বৃদ্ধি পাব পাৰে। যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে, তেন্তে নিয়মীয়া শাৰীৰিক কাৰ্যকলাপে ৰক্তচাপ সুৰক্ষিত মাত্ৰালৈ হ্ৰাস কৰিব পাৰে।
৫/ ধূমপান ত্যাগ কৰক, মদ্যপান সীমিত কৰক
চিগাৰেট এৰিলে এজন ব্যক্তিয়ে তেওঁৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। চিগাৰেট সেৱন নকৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমাই আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হ’ব পাৰে। ইফালে ৰক্তচাপৰ বাবে মদ্যপান ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক প্ৰতিবেদন অনুসৰি মদ্যপানে প্ৰথম অৱস্থাত (খোৱাৰ ১২ ঘন্টা পৰ্যন্ত) ৰক্তচাপ হ্ৰাস কৰে আৰু তাৰ পিছত ৰক্তচাপ বৃদ্ধি কৰে।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ আন কিছুমান উপায় হ’ল কেফেইন কমোৱা, মানসিক চাপ কমোৱা, প্ৰটিনযুক্ত খাদ্য খোৱা, সঠিক টোপনি আদি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|