চফ আপোনাৰ চুলি আৰু ছালৰ (skin and hair)ৰ বাবে যথেষ্ট সহায় কৰিব পাৰে। চফত ভিটামিন-চি, পটেছিয়াম, ফোলেট,আয়ৰণ জাতীয় উপাদান পোৱা যায়, যিয়ে ছাল আৰু চুলি সুন্দৰ কৰিব পাৰে।
চফ আপোনাৰ চুলি আৰু ছালৰ (skin and hair)ৰ বাবে যথেষ্ট সহায় কৰিব পাৰে। চফত ভিটামিন-চি, পটেছিয়াম, ফোলেট,আয়ৰণ জাতীয় উপাদান পোৱা যায়, যিয়ে ছাল আৰু চুলি সুন্দৰ কৰিব পাৰে।
পাচন ক্ৰিয়া (Digestion) আৰু মাউথ ফ্ৰেছনাৰ(Mouth freshener) হিচাপে চফ (Fennel) নিশ্চয় বহুবাৰ ব্যৱহাৰ কৰিছে, কিন্তু চুলি আৰু ছাল (skin and hair)ৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আপুনি কেতিয়াবা ইয়াক ব্য়ৱহাৰ কৰিছেনে? যদি নাই কৰা, তেন্তে জনাই থওঁ যে চফে আপোনাৰ চুলি আৰু ছাল দয়োটাকে সুন্দৰ ভাবে সজাবলৈ বহুত সহায় কৰে। চফত ভিটামিন -চি, পটেছিয়াম, ফোলেট, আয়ৰণৰ দৰে উপাদান থকা বাবে ইয়াৰ পৰা বিভিন্ন ধৰণৰ পোষণ পোৱা যায়, যিয়ে ছাল আৰু চুলি স্বস্থ্যৱান কৰি তোলে। ইয়াৰ বাবে চফ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানোঁ আহক...
চাল (Skin)পৰিস্কাৰ কৰে:
চালত জমা হোৱা ধূলি, লেতেৰা আৰু মলি পৰিস্কাৰ কৰিবলৈ আৰু শালমইনা আদিৰ পৰা পৰিত্ৰাণ দিয়াত চফে সহায় কৰে। ইয়াৰ কাৰণে ৩/৪ গিলাছ পানী এটা ডাঙৰ বাচনত গৰম কৰি লওক আৰু থাতে ডাঙৰ চামুচেৰে এক চামুচ চফ ঢালি দিয়ক। এতিয়া এই পানীখিনি ১৫/২০ মিনিট সময় তিয়াই ৰাখক। যেতিয়া পানীখিনি ঠাণ্ডা হ'ব চেকী লওক আৰু তাতে কেইটোপালমান টিটি অইল মিহলাই দিয়ক। এতিয়া এই পানীৰে দিনত ৩/৪ বাৰকৈ মূখ ধুবলৈ লওক। আপুনি ইচ্ছা কৰিলে এই পানী কপাহৰ জড়িয়তে ছালত লগাই ১৫/২০ মিনিট সময় ৰাখি পৰিস্কাৰ পানীৰে ধুই পেলাব। এনে কৰাৰ ফলত আপোনাৰ ছালৰ লেতেৰা নাইকীয়া হ'ব আৰু উজ্জলতা বৃদ্ধি পাব।
শাল মইনা আৰু ছাল ৰঙা পৰা দূৰ কৰিবলৈ:
শাল মইনা আৰু মুখৰ ছাল ৰঙা পৰা দূৰ কৰিবলৈও আপুনি চফ ব্য়ৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ডাঙৰ চামুচেৰে ১ চামুচ চফ পানীত তিয়াই থওক, আৰু ১৫/২০ মিনিটৰ পাছত মিশ্ৰণটো চেকী লওক। এতিয়া এই পানীত এচামুচ ডালিয়া আৰু ১ চামুচ মৌ মিহলাই লওক আৰু মিহি পেষ্ট বনাই লওক। এই পেষ্ট আপোনাৰ মুখত লগাই ২০ মিনিটৰ পিছত পৰিস্কাৰ পানীৰে ধুই দিব।
বয়সৰ চাপ দূৰ কৰিবলৈ:
বহু সময়ত উপযুক্ত বয়সৰ আগতেই ছালত ৰিংকল পৰিবলৈ ধৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ১ গিলাচ পানীত ডাঙৰ চামুচেৰ ২ চামুচ চফ দি দুই মিনিট সময় গৰম কৰি লওক। ই সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত তাতে এক চামুচ দৈ মিহলাই গ্ৰাইণ্ডাৰত ভালদৰে পিচি পেষ্ট বনাই লওক। এতিয়া এই পেষ্ট ২০ মনিট আপোনাৰ মুখত লগাই পৰিস্কাৰ পানীৰে ধুই পেলাওক। এনে কৰিলে আপোনাৰ ছালত পৰা ৰিংকল আতৰাৰ লগতে উজ্জলতা অতি কম সময়তে বৃদ্ধি পাব।
চুলি পকা সমস্যা দূৰ কৰিবলৈ:
আপুনি যদি অকালতে আপেনাৰ চুলি নপকাটো বিচাৰিছে, তেন্তে চফৰ পানীৰে চুলি ধোৱাৰ অভ্যাস কৰক। ইয়াৰ কাৰণে ডাঙৰ চামুচেৰে দুচামুচ চফ এগিলাচ গৰম পানীত ২০ মিনিটমান তিয়াই থওক। এই পানী চেকনীৰে চেকী আধা বাল্টী পানীত মিলাই চুলি ধোৱক।
(Disclaimer: এই প্ৰবন্ধটো সাধাৰণ তথ্য ওপৰত আধাৰিত,NEWS18 Assam NorthEast ইয়াৰ বাবে দায়ী নহয়। ইয়াক ব্য়ৱহাৰ কৰাৰ আগত বিশেযজ্ঞৰ সৈতে পৰামৰ্শ কৰি ল'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|