অৰ্ধসামৰিক বাহিনীত শীঘ্ৰেই পূৰণ কৰা হ’ব ৮৪ হাজাৰ খালী পদ

দেশৰ নিবনুৱালৈ সু–খবৰ। লোকসভাত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

News18-Assam
Updated:July 3, 2019, 8:06 AM IST
অৰ্ধসামৰিক বাহিনীত শীঘ্ৰেই পূৰণ কৰা হ’ব ৮৪ হাজাৰ খালী পদ
দেশৰ নিবনুৱালৈ সু–খবৰ। লোকসভাত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।
News18-Assam
Updated: July 3, 2019, 8:06 AM IST
ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে অৰ্ধসামৰিক বাহিনীত খালী হৈ থকা ৮৪ হাজাৰ পদ পূৰণৰ পদক্ষেপ। চলিত বাজেট অধিবেশনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক লিখিত উত্তৰত জনাই এই কথা। গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ শক্তি ৯,৯৯,৭৯৫। বাৰ্ষিক ১০ শতাংশ হাৰে অৱসৰ গ্ৰহণ কৰাৰ বাবে খালী পদি সৃষ্টি হৈছে অৰ্ধসামৰিক বাহিনীত। সম্প্ৰতি খালী থকা পদৰ সংখ্যা হ’ল ৮৪,০৩৭ টা।

এই সমূহ খালি পদৰ ভিতৰত চি আৰ পি এফত খালী থকা মুছ পদৰ সংখ্যা ২২,৯৮০ টা। সেইদৰে বি এছ এফত খালী আছে ২১,৪৬৫ টা পদ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত কালি আছে  ১০,৪১৫ টা পদ। সেইদৰে অসম ৰাইফলছত আছে ৮,৮৩২ টা খালী পদ। এছ এছ বিত আছে ১৮,১০২ টা পদ।

অতি শীঘ্ৰে চৰকাৰে পূৰণ কৰিব এই সমূহ খালীপদ। ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিছে নিযুক্তিৰ বাবে পাৰম্ভিক কাম কাজ। কেইদিনমান পিছতে এই নিযুক্তিৰ চৰকাৰী জাননী জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি