৩৬ লাখ টকা জিকাৰ সুবৰ্ণ সুযোগ, নিজৰ ম’বাইল ফোনৰ জৰিয়তে কৰিব লাগিব এই কাম

News18 Assam | News18-Assam
Updated:January 6, 2020, 5:45 PM IST
৩৬ লাখ টকা জিকাৰ সুবৰ্ণ সুযোগ, নিজৰ ম’বাইল ফোনৰ জৰিয়তে কৰিব লাগিব এই কাম
৩৬ লাখ টকা জিকিবলৈ আপুনি কি কৰিব লাগিব?

৩৬ লাখ টকা জিকিবলৈ আপুনি কি কৰিব লাগিব?

  • Share this:
ভৰতত লেনদেনৰ ক্ষেত্ৰত UPI লাহে লাহে জনপ্ৰিয় হৈছে। ৰিপৰ্ট অনুসৰি, প্ৰত্যেক মাহে UPIৰ জৰিয়তে ১ আৰৱ Transection হয়, কিন্তু  ফিচাৰ ফোনৰ জৰিয়তে ১ লাখ টকাতকৈও কম Transection হয়। কাৰণ ফিচাৰ ফোনৰ জৰিয়তে পেইমেণ্ট কৰাৰ সময়ত গ্ৰাহক যথেষ্ট সমস্যাত পৰিবলগীয়া হয়।

কিন্তু এতিয়া এই সমস্যাবোৰৰ পৰা মুক্ত হ’বৰ বাবে বিল আৰু মেলিণ্ডা গেটচ ফাইণ্ডেচনে NPCIৰ লগত চুক্তি স্বাক্ষৰ কৰিছে। বিল গেটচে ‘Grand Challenge Payments Using Feature Phones’ৰ জৰিয়তে বিশ্বৰ ষ্টাৰ্ট আপ বা কোনো ব্যক্তিলৈ আগবঢ়াইছে এই সুযোগ। দায়িত্ব লৈ কোনো ষ্টাৰ্ট আপ প্ৰতিষ্ঠান বা ব্যক্তিয়ে ফিচাৰ ফোনত ডিজিটেল পেইমেণ্টৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰিব লগিব।

যি দায়িত্ব ল’ব, তেওঁলোকে ফিচাৰ ফোনৰ পেইমেণ্ট প্ৰক্ৰিয়া সহজ কৰি তুলিব লাগিব। লগতে এনে উপায়ো উলিয়াব লাগিব যাতে চিকিউৰিটী ফিচাৰ আৰু লেনদেনত থকা সমস্যাৰ সমাধান হয়। যি সামাধান কৰাত সফল হ’ব, তেওঁক বিল গেটচে ৩৬ লাখ টকা উপহাৰ হিচাপে দিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি